উল্লেখযোগ্য যে, কিছু দিনৰ আগতে কেন্দ্ৰীয় চৰকাৰে দিল্লী উচ্চ ন্যায়ালয়ক শিশুৰ কাৰণে শীঘ্ৰে ভেকচিন উপলব্ধ হোৱাৰ আৰু এই সন্দৰ্ভত নিয়মাৱলী প্ৰস্তুত কৰাৰ কথা অৱগত কৰিছিল।
মন্ত্ৰীৰ কথাৰ আঁত ধৰি স্বাস্থ্য বিভাগৰ যুটীয়া সচিব লৱ আগৰৱালে কয় – Bharat Biotechৰ Covaxin আৰু Zydus Cadilaৰ DNA ভেকচিনক ১২ বছৰৰ পৰা ১৮ বছৰ বয়সৰ শিশু-কিশোৰৰ কাৰণে অনুমোদন প্ৰদান কৰাৰ চিন্তা চৰ্চা চলি আছে। Final Trialৰ ফলাফল হাতত পৰাৰ পিছত যাৱতীয় নিৰীক্ষণসমূহ কৰি শীঘ্ৰে এই দুই ভেকচিন শিশুক প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব, মন্তব্য আগৰৱালৰ।