• Home
  • »
  • News
  • »
  • nation
  • »
  • Nitin Gadkari Falls Sick : পশ্চিমবংগ ভ্ৰমণৰ সময়ত মঞ্চতে অসুস্থ হৈ পৰিল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰি

Nitin Gadkari Falls Sick : পশ্চিমবংগ ভ্ৰমণৰ সময়ত মঞ্চতে অসুস্থ হৈ পৰিল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰি

বিজেপিৰ এগৰাকী নেতাই জনোৱা তথ্য অনুসৰি, "তেজত ছুগাৰৰ মাত্ৰা কম হোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীজন হঠাতে অসুস্থ হৈ পৰিছিল।"

  • Share this:
উত্তৰ বংগ ভ্ৰমণৰ সময়ত মঞ্চতে অসুস্থ হৈ পৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰি। বৃহস্পতিবাৰে তেওঁ ১৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত পথৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈছিল পশ্চিমবংগত।

দাৰ্জিলিং জংচনৰ সমীপৰ দাগাপুৰ খেলপথাৰত অনুষ্ঠিত কাৰ্যসূচীৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী অসুস্থ অনুভৱ কৰে। লগে লগে গ্ৰীন কৰিডৰেৰে তেওঁৰ বাবে এজন চিকিত্‍সক অনা হয় আৰু তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰা হয়।

বিজেপিৰ এগৰাকী নেতাই জনোৱা তথ্য অনুসৰি, "তেজত ছুগাৰৰ মাত্ৰা কম হোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীজন হঠাতে অসুস্থ হৈ পৰিছিল।" প্ৰাথমিক চিকিৎসাৰ বাবে নীতিন গাডকাৰিক চেলাইন দিয়া হৈছিল বুলিও তেওঁ জনায়।

আনহাতে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ স্বাস্থ্য সন্দৰ্ভত খা-খবৰ লয় মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। শিলিগুৰিত অনুষ্ঠানৰ অন্তত গাডকাৰিয়ে দলখোলালৈ যোৱাৰ কথা আছিল।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি