• Home
  • »
  • News
  • »
  • nation
  • »
  • উৰিষ্যাৰ এনজেডপিত সিংহ আৰু বাঘৰ পোৱালীৰ নামাকৰণ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেৰ

উৰিষ্যাৰ এনজেডপিত সিংহ আৰু বাঘৰ পোৱালীৰ নামাকৰণ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেৰ

ভুৱনেশ্বৰৰ ওচৰৰ নন্দনকানন জুলজিকেল পাৰ্কত এটা সিংহৰ পোৱালী আৰু এটা বাঘৰ পোৱালীৰ নামাকৰণ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেৰ

ভুৱনেশ্বৰৰ ওচৰৰ নন্দনকানন জুলজিকেল পাৰ্কত এটা সিংহৰ পোৱালী আৰু এটা বাঘৰ পোৱালীৰ নামাকৰণ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেৰ

ভুৱনেশ্বৰৰ ওচৰৰ নন্দনকানন জুলজিকেল পাৰ্কত এটা সিংহৰ পোৱালী আৰু এটা বাঘৰ পোৱালীৰ নামাকৰণ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেৰ

  • Share this:
দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেয়ে ভুৱনেশ্বৰৰ ওচৰৰ নন্দনকানন জুলজিকেল পাৰ্ক (এনজেডপি)ত এটা সিংহৰ পোৱালী আৰু এটা বাঘৰ পোৱালীৰ নাম দিয়ে।

মন্ত্ৰীজনে বাঘিনী 'ৰূপা'ৰ পোৱালীটোক 'হিমান্সী' নাম ৰখাৰ বিপৰীতে মাইকী সিংহ 'বিজুলী'ৰ পোৱালীটোৰ নাম 'কামিনী' দিয়ে। জানিব পৰা মতে, দুয়োটা পোৱালী বিগত মাৰ্চ মাহত জন্ম হৈছিল।

বন বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী চৌবেয়ে পোৱালীবোৰক মৰমেৰে প্ৰতিপালন কৰাৰ বাবে পাৰ্কখনৰ পৰিচাৰকসকলৰ ভক্তিৰো প্ৰশংসা কৰে। লগতে বিভিন্ন কাৰ্যকলাপৰ পৰ্যালোচনা কৰি চৌবেয়ে কয় যে কেন্দ্ৰই বিশ্বমানৰ চিৰিয়াখানালৈ ৰূপান্তৰ কৰাৰ বাবে পুঁজি যোগান ধৰিবলৈ কুণ্ঠাবোধ নকৰে।

উল্লেখ্য যে, এনজেডপিক জন্তুৰ বাবে "স্বৰ্গ" বুলি অভিহিত কৰি মন্ত্ৰীগৰাকীয়ে চিৰিয়াখানাৰ চিকিৎসালয়লৈও যায় য'ত বাঘিনী 'মঞ্জু' চিকিৎসাধীন হৈ আছে। এই সময়ছোৱাত তেখেতে পেঙ্গোলিন প্ৰশিক্ষণ কেন্দ্ৰৰ ওচৰতো ৰৈছিল।

মন কৰিবলগীয়া কথা যে, এনজেডপিৰ উপ সঞ্চালক সঞ্জিত কুমাৰে সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি নন্দনকানন পুনৰ্নিৰ্মাণ আৰু সম্প্ৰসাৰণ পৰিকল্পনাৰ বাবে উৰিষ্যা চৰকাৰে চুদাংগা সংৰক্ষিত বনাঞ্চল আৰু চন্দকা বন্যপ্ৰাণী অভয়াৰণ্যৰ ক্ৰুষ্ণা নগৰ সুৰক্ষিত এলেকাত ৬০৯ হেক্টৰ ভূমি প্ৰদান কৰিছে।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি