অসমতে নহয়, সমগ্ৰ দেশতে স্থাপন হ’ব বিদেশী ন্যায়াধীকৰণ

পূৰ্বতে এই ক্ষমতা কেৱল কেন্দ্ৰৰ হাতত আছিল আৰু অসমত এই ক্ষমতা কাৰ্যকৰী কৰা হৈছিল।

news18assam
Updated:June 10, 2019, 12:54 PM IST
অসমতে নহয়, সমগ্ৰ দেশতে স্থাপন হ’ব বিদেশী ন্যায়াধীকৰণ
পূৰ্বতে এই ক্ষমতা কেৱল কেন্দ্ৰৰ হাতত আছিল আৰু অসমত এই ক্ষমতা কাৰ্যকৰী কৰা হৈছিল।
news18assam
Updated: June 10, 2019, 12:54 PM IST
কেৱল অসমতেই নহয়, অবৈধ বিদেশী চিনাক্ত কৰি বিতাড়ন কৰিবলৈ সমগ্ৰ দেশতে স্থাপন হ’ব বিদেশী ন্যায়াধীকৰণ। অমিত শ্বাহে দেশৰ গৃহমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। গৃহ মন্ত্ৰণালয়ে বিদেশী (ন্যায়াধীকৰণ) নিৰ্দেশ ১৯৬৪ত সংশোধনী ঘটাই দেশৰ আন ৰাজ্যতো ন্যায়াধীকৰণ মুকলি কৰাৰ পথ প্ৰশস্ত কৰিছে। গৃহ মন্ত্ৰণালয়ে এখন ৰাজপত্ৰিত জাননীৰ যোগেদি দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ জিলা উপায়ুক্তসকলক ন্যায়াধীকৰণ গঠন কৰাৰ ক্ষমতা প্ৰদান কৰিছে।

পূৰ্বতে এই ক্ষমতা কেৱল কেন্দ্ৰৰ হাতত আছিল আৰু অসমত এই ক্ষমতা কাৰ্যকৰী কৰা হৈছিল। বিদেশী (ন্যায়াধীকৰণ) সংশোধনী নির্দেশ, ২০১৯ হিচাপে নামাংকন এই ৰাজপত্ৰিত নিৰ্দেশৰ যোগেদি সমগ্ৰ দেশতে অসমৰ দৰে গঠন কৰা হ’ব বিদেশী ন্যায়াধীকৰণ।
আৰু চাওক পৰৱৰ্তী বাতৰি