মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»CAA:ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বাবে অ-মুছলমান শৰণাৰ্থীৰ আবেদন বিচাৰিলে গৃহ মন্ত্ৰণালয়ে

CAA:ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বাবে অ-মুছলমান শৰণাৰ্থীৰ আবেদন বিচাৰিলে গৃহ মন্ত্ৰণালয়ে

News18 Assam | News18-Assam
Updated:May 29, 2021, 2:12 PM IST
CAA:ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বাবে অ-মুছলমান শৰণাৰ্থীৰ আবেদন বিচাৰিলে গৃহ মন্ত্ৰণালয়ে
নাগৰিকত্ব আইন ১৯৫৫ আৰু ২০০৯ আইনৰ অধীনত প্ৰস্তুত কৰা নিয়মাৱলীৰ অধীনত তাৎক্ষণিকভাৱে ৰূপায়ণৰ বাবে এক জাননী জাৰি কৰিছিল যদিও ২০১৯ চনত প্ৰণয়ন কৰা নাগৰিকত্ব সংশোধনী আইনৰ (চিএএ) অধীনৰ নিয়মসমূহ এতিয়াও চৰকাৰে প্ৰস্তুত কৰা নাই।

নাগৰিকত্ব আইন ১৯৫৫ আৰু ২০০৯ আইনৰ অধীনত প্ৰস্তুত কৰা নিয়মাৱলীৰ অধীনত তাৎক্ষণিকভাৱে ৰূপায়ণৰ বাবে এক জাননী জাৰি কৰিছিল যদিও ২০১৯ চনত প্ৰণয়ন কৰা নাগৰিকত্ব সংশোধনী আইনৰ (চিএএ) অধীনৰ নিয়মসমূহ এতিয়াও চৰকাৰে প্ৰস্তুত কৰা নাই।

  • Share this:

দেশজুৰি নাগৰিকত্ব সংশোধনী আইন ২০১৯ক লৈ ক্ৰিয়া-প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে পুনৰ এখন বিশেষ জাননীয়ে তোলপাৰ লগাইছে সমগ্ৰ ভাৰতবৰ্ষ। ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বাবে কেন্দ্ৰই অ-মুছলমান শৰণাৰ্থীলৈ জনোৱা এই আহ্বানক লৈ আৰম্ভ হৈছে চৰ্চা। শুকুৰবাৰে আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ হিন্দু, শিখ, জৈন আৰু বৌদ্ধ ধৰ্মাৱলম্বীৰ লগতে গুজৰাট, ৰাজস্থান, ছত্তিশগড়, হাৰিয়ানা আৰু পঞ্জাৱৰ ১৩ খন জিলাত বাস কৰা অ-মুছলমানসকলক ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিবলৈ আহ্বান জনায় কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে।


কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এই সন্দৰ্ভত নাগৰিকত্ব আইন ১৯৫৫ আৰু ২০০৯ চনত আইনৰ অধীনত প্ৰস্তুত কৰা নিয়মাৱলীৰ অধীনত তাৎক্ষণিকভাৱে ৰূপায়ণৰ বাবে এক জাননী জাৰি কৰিছিল যদিও ২০১৯ চনত প্ৰণয়ন কৰা নাগৰিকত্ব সংশোধনী আইনৰ (চিএএ) অধীনৰ নিয়মসমূহ এতিয়াও চৰকাৰে প্ৰস্তুত কৰা নাই। যেতিয়া ২০১৯ চনত কা(CAA)প্ৰণয়ন কৰা হৈছিল, দেশৰ বিভিন্ন প্ৰান্তত ব্যাপক প্ৰতিবাদ হৈছিল আৰু আনকি এই প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত ২০২০ চনৰ আৰম্ভণিতে দিল্লীত সংঘটিত হৈছিল ব্যাপক হিংসাত্মক কাৰ্যকলাপ।


নাগৰিকত্ব সংশোধনী আইনৰ মতে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ অ-মুছলমান নিৰ্যাতিত সংখ্যালঘুসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ'ব - হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টান - যিসকলে ৩১ ডিচেম্বৰ, ২০১৪ চনৰ ভিতৰত ভাৰতলৈ আহিছিল। কা(CAA)ৰ অধীনত নাগৰিকত্ব আহ্বান কৰি জাননী জাৰি কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে উল্লেখ কৰে এইদৰে– "নাগৰিকত্ব আইন, ১৯৫৫ৰ ধাৰা ১৬ৰ অধীনত প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি কেন্দ্ৰীয় চৰকাৰে ইয়াৰ দ্বাৰা অনুচ্ছেদ ৫ৰ অধীনত ভাৰতৰ নাগৰিক হিচাপে পঞ্জীয়নৰ বাবে, বা নাগৰিকত্বৰ ৬ অনুচ্ছেদৰ অধীনত প্ৰাকৃতিকীকৰণৰ প্ৰমাণ পত্ৰ প্ৰদানৰ বাবে ক্ষমতা প্ৰয়োগ কৰা হৈছে আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ সংখ্যালঘু সম্প্ৰদায়ৰ যিকোনো ব্যক্তিৰ লগতে হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক বাস কৰা উল্লেখিত ৰাজ্যসমূহ..."।

Published by: Gautam Barman
First published: May 29, 2021, 1:32 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি