உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Nagaland | AFSPA : নাগালেণ্ডৰ পৰা প্ৰত্যাহাৰ হ'বনে AFSPA? কেন্দ্ৰই গঠন কৰি দিলে পাঁচজনীয়া কমিটী

    Nagaland | AFSPA : নাগালেণ্ডৰ পৰা প্ৰত্যাহাৰ হ'বনে AFSPA? কেন্দ্ৰই গঠন কৰি দিলে পাঁচজনীয়া কমিটী

    কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে গঠন কৰি দিলে নাগালেণ্ডৰ পৰা AFSPA প্ৰত্যাহাৰ কৰা-নকৰাক লৈ এক পাঁচজনীয়া কমিটী৷

    কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে গঠন কৰি দিলে নাগালেণ্ডৰ পৰা AFSPA প্ৰত্যাহাৰ কৰা-নকৰাক লৈ এক পাঁচজনীয়া কমিটী৷

    কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে গঠন কৰি দিলে নাগালেণ্ডৰ পৰা AFSPA প্ৰত্যাহাৰ কৰা-নকৰাক লৈ এক পাঁচজনীয়া কমিটী৷

    • Share this:
    ১৪ নিৰীহ কন্যাক নগাক গুলীয়াই হত্যা কৰাৰ পিছত এতিয়াও কমা নাই মন জিলা তথা নাগালেণ্ডত শোক৷ নগা ৰাইজে পালন কৰি আছে শোক৷ সমান্তৰালভাৱে প্ৰতিবাদী কাৰ্যসূচীও চলাই নিছে৷ দাবী উঠিছে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA) প্ৰত্যাহাৰৰ৷

    এনে সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে গঠন কৰি দিলে নাগালেণ্ডৰ পৰা AFSPA প্ৰত্যাহাৰ কৰা-নকৰাক লৈ এক পাঁচজনীয়া কমিটী৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰিলে এই কমিটী৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ (উত্তৰ-পূব) যুটীয়া সচিবৰ নেতৃত্বত গঠন কৰি দিয়া কমিটীত আছে নাগালেণ্ডৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান, আছাম ৰাইফলচৰ মহাপৰিদৰ্শক(দক্ষিণ) আৰু CRPFৰ এজন প্ৰতিনিধি৷ কমিটীয়ে ৪৫ দিনৰ ভিতৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ হাতত দাখিল কৰিব লাগিব প্ৰতিবেদন৷

    দেওবাৰে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ', উপ মুখ্যমন্ত্ৰী ৱাই পেটন আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙে স্বাক্ষৰ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই সন্দৰ্ভত জনাই লগতে উল্লেখ কৰে যে ৪ আৰু ৫ ডিচেম্বৰত মনত সংঘটিত গুলীচালনাৰ ঘটনাত ১৪জন নিৰীহ কন্যাক যুৱক নিহত হৈছিল৷ নিহতৰ আত্মীয়ক চৰকাৰী চাকৰি প্ৰদানৰ বাবে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক প্ৰাথমিক কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী ৰিঅ'ৰ৷
    ইপিনে মন জিলাৰ পৰা আছাম ৰাইফলছৰ ইউনিটটো প্ৰত্যাহাৰ কৰাৰ বাবে নাগালেণ্ড চৰকাৰৰ অনুৰোধক্ৰমে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ইউনিটটো প্ৰত্যাহাৰ কৰাত সন্মতি জনায়।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Sanjay Kumar Das
    First published: