অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ নৰোত্তম নগৰত ৰামকৃষ্ণ মিছন স্কুলৰ সোণালী জয়ন্তী উদযাপনৰ অনুষ্ঠানত ভাষণ দি অমিত শ্বাহে কয় যে কেন্দ্ৰই অঞ্চলটোত শান্তি আৰু উন্নয়ন আনিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ নৰোত্তম নগৰত ৰামকৃষ্ণ মিছন স্কুলৰ সোণালী জয়ন্তী উদযাপনৰ অনুষ্ঠানত ভাষণ দি অমিত শ্বাহে কয় যে কেন্দ্ৰই অঞ্চলটোত শান্তি আৰু উন্নয়ন আনিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
অহা বছৰৰ ভিতৰত অৰুণাচল প্ৰদেশ আৰু অসমৰ মাজৰ আন্তঃৰাজ্যিক সীমা বিবাদৰ সমাধান হ’ব পাৰে। এই কথা শনিবাৰে কয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। উত্তৰ-পূবক ‘বিদ্ৰোহী মুক্ত’ কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে বুলি দাবী কৰে অমিত শ্বাহে। তেওঁ কয় যে কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ বিগত ৮ বছৰত অঞ্চলটোৰ ৯ হাজাৰ উগ্ৰপন্থীয়ে আত্মসমৰ্পণ কৰিছে।
অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ নৰোত্তম নগৰত ৰামকৃষ্ণ মিছন স্কুলৰ সোণালী জয়ন্তী উদযাপনৰ অনুষ্ঠানত ভাষণ দি অমিত শ্বাহে কয় যে কেন্দ্ৰই অঞ্চলটোত শান্তি আৰু উন্নয়ন আনিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। অমিত শ্বাহে কয় যে অৰুণাচল প্ৰদেশ আৰু অসম চৰকাৰে আন্তঃৰাজ্যিক সীমা বিবাদৰ বন্ধুত্বপূৰ্ণ আৰু স্থায়ী সমাধানৰ বাবে কাম কৰি আছে।
"উত্তৰ-পূবৰ যুৱক-যুৱতীসকলে এতিয়া বন্দুক আৰু পেট্ৰ'ল বোমা লগত নাৰাখে। তেওঁলোকে এতিয়া হাতত লেপটপ লৈ বিভিন্ন ষ্টাৰ্টআপ আৰম্ভ কৰিছে। এই অঞ্চলৰ উন্নয়নৰ পথ এনেদৰেই পৰিকল্পনা কৰিছে কেন্দ্ৰই।’’ – মন্তব্য অমিত শ্বাহৰ। অমিত শ্বাহে কয় যে পূৰ্বে বছৰত ২০০ দিনতকৈ অধিক সময় বন্ধ হৈছিল মণিপুৰ, এতিয়া ৰাজ্যত বিজেপিৰ শাসনৰ বিগত পাঁচ বছৰত কোনো বাধা নোহোৱাকৈ পৰিৱৰ্তনৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে।
অমিত শ্বাহে আৰু কয় যে বড়ো শান্তি চুক্তি স্বাক্ষৰৰ জৰিয়তে অসমৰ বড়োলেণ্ড অঞ্চলৰ বিদ্ৰোহ সমাধান কৰা হৈছে। "উগ্ৰপন্থী সংগঠনৰ আত্মসমৰ্পণ আৰু ত্ৰিপুৰাত ব্ৰু শৰণাৰ্থী সমস্যাৰ সমাধানৰ বাবে মোদী চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। অসমৰ কাৰ্বি আংলঙত শান্তি ঘূৰাই অনাৰ বাবে কেন্দ্রীয় গৃহ মন্ত্রণালয়ে পদক্ষেপ গ্রহণ কৰিছে।’’ কয় অমিত শ্বাহে৷
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে তিনিমুখী কাৰ্যসূচী প্ৰণয়ন কৰা হৈছে বুলি উল্লেখ কৰে। ‘‘প্ৰথমে আমি অঞ্চলটোৰ থলুৱা সংস্কৃতি আৰু ভাষা সংৰক্ষণ আৰু প্ৰসাৰ কৰিম। দ্বিতীয়তে, আমি উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মাজত হোৱা সকলো বিবাদৰ অন্ত পেলাই ইয়াক বিদ্ৰোহমুক্ত কৰি তুলিব বিচাৰো আৰু তৃতীয়তে আমি আঠখন ৰাজ্যক দেশৰ আটাইতকৈ উন্নত ৰাজ্য হিচাপে গঢ়ি তুলিব বিচাৰো।” অমিত শ্বাহে কয়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|