• Home
  • »
  • News
  • »
  • nation
  • »
  • গৃহমন্ত্ৰী অমিত শ্বাহে কেন্দ্ৰীয় সংস্থাৰ দ্বাৰা মুক্ৰ কাণ্ডৰ তদন্তৰ আশ্বাস দিয়ে: চাংমা

গৃহমন্ত্ৰী অমিত শ্বাহে কেন্দ্ৰীয় সংস্থাৰ দ্বাৰা মুক্ৰ কাণ্ডৰ তদন্তৰ আশ্বাস দিয়ে: চাংমা

অমিত শ্বাহৰ মুক্ৰ’ ঘটনাৰ চিবিআই তদন্তৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰীক আশ্বাস

অমিত শ্বাহৰ মুক্ৰ’ ঘটনাৰ চিবিআই তদন্তৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰীক আশ্বাস

অমিত শ্বাহৰ মুক্ৰ’ ঘটনাৰ চিবিআই তদন্তৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰীক আশ্বাস

  • Share this:
মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক লগ কৰি মুক্ৰ’ কাণ্ড সন্দৰ্ভত অৱগত কৰে। তেওঁ কয় যে, সীমান্তত "অসম আৰক্ষীৰ গুলীচালনা"ৰ ঘটনাৰ তদন্তৰ বাবে অমিত শ্বাহে এটা কেন্দ্ৰীয় সংস্থাৰ তদন্ত কৰিবলৈ তেওঁৰ অনুৰোধ বিবেচনা কৰিব বুলি আশ্বাস দিয়ে। সাংবাদিকৰ সন্মুখত চাংমাই কয় যে, অমিত শ্বাহৰ সৈতে হোৱা বৈঠকত তেওঁ গুলীচালনাত নিহতসকলৰ বাবে ন্যায় আৰু দায়ীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। ইয়াৰ পিছতেই গৃহ মন্ত্ৰালয়ৰ প্ৰবক্তাই সামাজিক মাধ্যম টুইটাৰত এটা পোষ্ট কৰিছিল য’ত অমিত শ্বাহে মুক্ৰ’ ঘটনাৰ চিবিআই তদন্তৰ বাবে আশ্বাস দিয়ে, এই তদন্ত অসম চৰকাৰেও দাবী কৰিছিল।

টুইটটোত উল্লেখ আছে যে, ‘‘মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই আজি কেন্দ্ৰীয় গৃহ তথা সহযোগিতা মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে আৰু অসম-মেঘালয় সীমান্তত সংঘটিত দুৰ্ভাগ্যজনক ঘটনাৰ চিবিআই তদন্তৰ বাবে অনুৰোধ কৰে। অসম চৰকাৰেও বিষয়টোৰ চিবিআই তদন্তৰ বাবে অনুৰোধ কৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহে আশ্বাস দিছে যে চৰকাৰে চিবিআইৰ দ্বাৰা তদন্ত কৰাব।"

ইয়াৰ পূৰ্বে, চাংমাই জোৰ দি কৈছিল যে অসম আৰক্ষীয়ে মেঘালয়ৰ পশ্চিম জৈন্তিয়া পাহাৰৰ মুক্ৰ’ গাঁৱত "নিৰীহ লোক"ৰ ওপৰত গুলীচালনা কৰিছিল। মঙলবাৰে পুৱতি নিশা অসম বনকৰ্মীয়ে অবৈধভাৱে কটা কাঠভৰ্তি এখন ট্ৰাক ৰখাই দিয়াৰ পিছত অসম-মেঘালয় সীমান্তত হিংসাত্মক ঘটনা সংঘটিত হৈছিল, যাৰ ফলত এজন বনৰক্ষীসহ ছয়জন লোকনিহত হৈছিল।

চাংমাই কৈছিল যে তেওঁ দুয়োখন ৰাজ্যৰ মাজত যোগাযোগ আৰু বিশ্বাস উন্নত কৰাৰ বাবে অসমৰ সৈতে সীমান্ত বিবাদত হস্তক্ষেপ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰিছিল। তেওঁ কয়,"গৃহমন্ত্ৰী অমিত শ্বাহে আশ্বাস দিছে যে তেওঁ আজিও সীমান্তত হোৱা গুলীচালনাৰ তদন্তৰ বাবে আমাৰ অনুৰোধৰ ওপৰত পদক্ষেপ ল'ব।"

তেওঁ কয় যে অপৰাধীসকলক শাস্তি দিয়া হ'ব কিন্তু এই সময়ত তেওঁলোকে শান্তি বজাই ৰখা উচিত। অমিত শ্বাহৰ সৈতে বৈঠকত চাংমাৰ সৈতে তেওঁৰ মন্ত্ৰীসভাৰ সহকৰ্মীসকলো উপস্থিত আছিল।

ইফালে, অসম-মেঘালয় সীমান্তৰ পৰিস্থিতি উত্তেজনাপূৰ্ণ কিন্তু শান্তিপূৰ্ণ অৱস্থাত আছে আৰু অঞ্চলটোত বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। হিংসাৰ স্থান আৰু কাষৰীয়া অঞ্চলত চিআৰপিচিৰ ধাৰা ১৪৪ বলবৎ আছে। ইফালে, বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম-মেঘালয় সীমান্তত সংঘৰ্ষৰ সৈতে "সীমান্ত বিবাদ"ৰ কোনো সম্পৰ্ক নাই। তেওঁ কৈছিল যে চুবুৰীয়া ৰাজ্যসমূহৰ মাজৰ সীমান্ত বিবাদ সোনকালেই সমাধান কৰা হ'ব।

তেওঁ কৈছিল যে কাঠবোৰ চোৰাংকৈ অনা হৈছিল আৰু যেতিয়া বন বিষয়াসকলে বাহনখন ৰখাবলৈ চেষ্টা কৰিছিল তেতিয়া স্থানীয় লোক আৰু আৰক্ষীৰ মাজত "সংঘৰ্ষ" হৈছিল। এয়া কোনো সীমান্ত বিবাদ নহয় বুলিও তেওঁ প্ৰকাশ কৰিছিল।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি