Covid-19: ‘মই নোকোৱালৈ মাস্ক পিন্ধিব নালাগে’। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক অনুচিত আখ্যা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ।
স্বাস্থ্য মন্ত্রীয়েই হওক বা বিয়াগোম বিষয়াই হওক; সকলোৱে মাস্ক পৰিধান কৰিব লাগিব: হৰ্ষবৰ্ধন
স্বাস্থ্য মন্ত্রীয়েই হওক বা বিয়াগোম বিষয়াই হওক; সকলোৱে মাস্ক পৰিধান কৰিব লাগিব: হৰ্ষবৰ্ধন
- News18 Assam
- Last Updated: April 6, 2021, 6:23 PM IST
কিছুদিন পূৰ্বে এটা সংবাদমাধ্যমৰ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত "মাস্ক(Mask) পিন্ধিলে বিউটী পাৰ্লাৰসমূহ কেনেকৈ চলিব" বুলি হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।
দেশৰ বৰ্দ্ধিত আক্ৰান্তৰ সংখ্যাত চিন্তা প্ৰকাশ কৰি হৰ্ষবৰ্ধনে কয় – ৰাইজৰ অসাৱধানতাৰ কাৰণে আক্ৰান্তৰ সংখ্যা বাঢ়িছে । যিহেতু প্রতিষেধক উপলব্ধ সেয়ে সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন নাই – এই ভুল ধাৰণাই ৰাইজক পৰিচালনা কৰাৰ আশংকা প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে । তেওঁৰ বিশ্বাস ৰাইজে যদি গভীৰ ভাৱে প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰে আক্রান্তৰ সংখ্যা দ্ৰুত হাৰত হ্ৰাস পাব ।
প্রতিষেধক গ্ৰহণ কৰিবলৈ নিৰ্ধাৰিত বয়সৰ সীমা হ্ৰাস কৰাৰ সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে কয় – প্ৰধানমন্ত্ৰীয়ে প্ৰতিষেধক প্রদানৰ কাৰণে বিশেষজ্ঞ গোট গঠন কৰিছিল । আৰু সীমিত টীকাকৰণৰ সিদ্ধান্ত সকলো দিশ চালি জাৰি চাই লোৱা হৈছিল । দিল্লী, মহাৰাষ্ট্ৰৰ সান্ধ্য আইন ৰাজ্য চৰকাৰ কেইখনে পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিত লোৱা বুলি মন্তব্য কৰি স্বাস্থ্য মন্ত্ৰীয়ে কয় – ৰাইজে সাৱধানতা অৱলম্বন কৰিলেহে উচিত ফল পোৱা যাব ।
উল্লেখ্য যে আজি ১১ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীৰে এক বৈঠকত মিলিত হৈছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী । প্ৰধানমন্ত্ৰীয়েও অহা ৮ এপ্ৰিলত মুখ্যমন্ত্ৰীসকলৰে বৈঠকত মিলিত হ’ব ।












