কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সোমবাৰে দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সত ভৰ্তি কৰা হৈছে বুলি সংবাদ সংস্থা পিটিআইয়ে প্ৰকাশ কৰিছে। ৬৩ বছৰীয়া সীতাৰমণক আজি দুপৰীয়া ১২ বজাত চিকিৎসালয়খনৰ এটা ব্যক্তিগত ৱাৰ্ডত ভৰ্তি কৰোৱা হয়।
“গুৰুতৰ একো নাই। তেওঁ ভালেই আছে।’- নাম প্ৰকাশ নকৰাৰ চৰ্তত ৰয়টাৰ্চৰ ঘনিষ্ঠ সূত্ৰই এইদৰে কয়।
কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকী চিকিৎসালয়ত ভৰ্তি হোৱাৰ সময়তে দেশত প্ৰত্যাশিত কেন্দ্ৰীয় বাজেটলৈ মাত্ৰ এমাহ সময় বাকী আছে।
চলিত বৰ্ষৰ জুলাই মাহত নিৰ্মলা সীতাৰমণে জি-২০ৰ বিত্তমন্ত্ৰীৰ বৈঠকত অংশগ্ৰহণ কৰি ইণ্ডোনেছিয়াৰ বালিৰ পৰা উভতি অহাৰ পিছত ক'ভিড পজিটিভ পোৱা গৈছিল আৰু সোমবাৰে ৰাষ্ট্ৰপতি নিৰ্বাচনত সম্পূৰ্ণ পিপিই কিট পিন্ধি ভোটদান কৰিছিল।
Published by: Subham Goswami
FIRST PUBLISHED : December 26, 2022, 14:03 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।