কেন্দ্ৰীয় চৰকাৰে ২০২১-২২ বৰ্ষৰ বজাৰ অধিৱেশনৰ বাবে খাৰিফ শস্যৰ ওপৰত ন্যূনতম সমৰ্থন মূল্য অৰ্থাৎ এমএছপি (Minimum Support Prices) বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। বুধবাৰে কেন্দ্ৰীয় কেবিনেটত এই সিদ্ধান্তক অনুমোদন জনোৱা হয়। কৃষিক লৈ চৰকাৰে গ্ৰহণ কৰা এই ডাঙৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে।
তোমৰে কয় যে কেন্দ্ৰীয় চৰকাৰে খৰিফ শস্যৰ ওপৰত এমএছপি ৫০ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। কৃষি মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে বিগত ৭ বছৰ ধৰি কৃষকসকলৰ স্বাৰ্থত সিদ্ধান্ত গ্ৰহণ কৰি আহিছে আৰু তেওঁলোকৰ সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈ সকলো সময়তে সাজু হৈ আছে।