বিক্ৰী কৰা নহয় NRL, ৫ চৰকাৰী কোম্পানীৰ অংশীদাৰিত্ব বিক্ৰীৰ সিদ্ধান্ত কেন্দ্ৰীয় কেবিনেটত

News18-Assam
Updated:November 21, 2019, 7:54 AM IST
বিক্ৰী কৰা নহয় NRL, ৫ চৰকাৰী কোম্পানীৰ অংশীদাৰিত্ব বিক্ৰীৰ সিদ্ধান্ত কেন্দ্ৰীয় কেবিনেটত
দেশৰ ৰাজহুৱা খণ্ডৰ দ্বিতীয় বৃহৎ কোম্পানী BPCLৰ পৰা পৃথক কৰা হ’ব NRLক।

দেশৰ ৰাজহুৱা খণ্ডৰ দ্বিতীয় বৃহৎ কোম্পানী BPCLৰ পৰা পৃথক কৰা হ’ব NRLক।

  • Share this:
বুধবাৰে কেন্দ্ৰীয় কেবিনেটে ভাৰত পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেড (BPCL)সহ ৫ চৰকাৰী কোম্পানীৰ অংশীদাৰিত্ব বিক্ৰীৰ সিদ্ধান্তত অনুমোদন জনায়। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে কেবিনেট বৈঠকৰ অন্তত সংবাদমেলত মন্তব্য কৰে যে কেবিনেটে BPCL, শ্বিপিং কৰ্প’ৰেচন অৱ ইণ্ডিয়া (SCI), কনক’ৰ (CONCOR)সহ ৫ কোম্পানীত চৰকাৰৰ অংশীদাৰিত্ব বিক্ৰীত অনুমোদন জনাইছে। বিত্ত মন্ত্ৰীয়ে কয় যে কিছুমান CPSEত অংশীদাৰিত্ব ৫১ শতাংশৰ পৰা হ্ৰাস কৰাত মঞ্জুৰি প্ৰদান কৰিছে কেবিনেটে।

বিত্তমন্ত্ৰী সীতাৰমনে কয় যে চৰকাৰে BPCLৰ অংশ অসমৰ নুমলীগড়ৰ ৰিফাইনেৰী লিমিটেড (NRL)ক বিক্ৰী নকৰে। দেশৰ ৰাজহুৱা খণ্ডৰ দ্বিতীয় বৃহৎ কোম্পানী BPCLৰ পৰা পৃথক কৰা হ’ব NRLক। নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ ৬১.৬৫ শতাংশ অংশীদাৰিত্ব বিক্ৰী নকৰে কন্দ্ৰই। BPCLৰ সম্পূৰ্ণ সম্পূৰ্ণ মেনেজমেণ্ট কনট্ৰ’ল ট্ৰান্সফাৰ হ’ব।

বিত্ত মন্ত্ৰী সীতাৰমনে কয় যে কেবিনেটে ৭ CPSEত নিৰ্বিনিয়োজনত অনুমতি দিছে। কেবিনেটে SCIত ৬৩.৭৫ শতাংশ অংশীদাৰিত্ব আৰু কনক’ৰত ৩০.৮ শতাংশ অংশীদাৰিত্ব হ্ৰাস কৰাত অনুমতি দিছে। ক্ৰেতাই SCIৰ মেনেজমেণ্ট কনট্ৰ’লো লাভ কৰিব। নৰ্থ ইষ্টাৰ্ণ ইলেকট্ৰিক পাৱাৰ কৰ্প’৸ৰেচন লিমিটেড (NEEPCO)ৰ ১০০ শতাংশ অংশীদাৰিত্ব NTPCক দিয়া হ’ব। আনহাতে, THDCILৰ মেনেজমেণ্ট কনট্ৰ’লো লাভ কৰিব নেচনেল থাৰ্মেল পাৱাৰ কৰ্প’ৰেচন লিমিটেডে।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি