উত্তৰ–পূবত নিৰ্মাণ হ’ব ১৬৫৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ গেছ গ্ৰীড, অনুমোদন জনালে কেন্দ্ৰীয় কেবিনেটে

News18 Assam | News18-Assam
Updated:January 8, 2020, 3:39 PM IST
উত্তৰ–পূবত নিৰ্মাণ হ’ব ১৬৫৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ গেছ গ্ৰীড, অনুমোদন জনালে কেন্দ্ৰীয় কেবিনেটে
সাংকেতিক ফটো

এই প্ৰকল্পৰ যোগেদি সমগ্ৰ ভাৰতৰে ৩০ৰ পৰা ৪০ শতাংশ গেছ উত্তৰ–পূবত উৎপাদন হ’ব।

  • Share this:
উত্তৰ–পূব প্ৰাকৃতিক গেছ পাইপলাইন গ্ৰীডত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন। আজি প্ৰধানমন্ত্ৰী অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত অনুমোদন জনোৱা হয় এই প্ৰকল্পত। সমগ্ৰ উত্তৰ–পূবত ১৬৫৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ গেছ গ্ৰীড নিৰ্মাণ কৰা হ’ব। কেবিনেট বৈঠকৰ অন্তত News18ক জনালে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে।

এই প্ৰকল্পৰ যোগেদি সমগ্ৰ ভাৰতৰে ৩০ৰ পৰা ৪০ শতাংশ গেছ উত্তৰ–পূবত উৎপাদন হ’ব। আৰু উত্তৰ–পূবৰ ৮খন ৰাজ্যত সম্প্ৰসাৰণ কৰা হ’ব এই গ্ৰীড। ইন্দ্ৰধনুষ গেছ গ্ৰীড লিমিটেডক এই প্ৰকল্পৰ কাৰণে নিয়োগ কৰা হ’ব। এই প্ৰতিষ্ঠানটোক Viability Gap Fundingৰ শিতানত Capital Grant প্ৰদানৰ অনুমোদন জনাইছে কেবিনেটে।
আৰু চাওক
পৰৱৰ্তী বাতৰি