Budget 2019: বাজেটত মহিলাসকলৰ বাবে থাকিব পাৰে ৩টা সুখবৰ, পৰিকল্পনা সম্পূৰ্ণ

কেন্দ্ৰীয় বাজেটত মহিলাসকলৰ বাবে থাকিব পাৰে তিনিটাকৈ সুখবৰ। আয়কৰ ৰেহাই, কৰ্মৰত মাতৃসকলৰ বাবে শিশুৰ ক্ৰেচৰ ফীজত কৰ ৰেহাই পোৱাৰ সম্ভাৱনা আছে। 

news18assam
Updated:June 28, 2019, 4:10 PM IST
Budget 2019: বাজেটত মহিলাসকলৰ বাবে থাকিব পাৰে ৩টা সুখবৰ, পৰিকল্পনা সম্পূৰ্ণ
কেন্দ্ৰীয় বাজেটত মহিলাসকলৰ বাবে থাকিব পাৰে তিনিটাকৈ সুখবৰ। আয়কৰ ৰেহাই, কৰ্মৰত মাতৃসকলৰ বাবে শিশুৰ ক্ৰেচৰ ফীজত কৰ ৰেহাই পোৱাৰ সম্ভাৱনা আছে। 
news18assam
Updated: June 28, 2019, 4:10 PM IST
কেন্দ্ৰীয় বাজেটত মহিলাসকলে পাব পাৰে ৩টা বিশেষ ৰেহাই, চৰ্চিত আৰু ৰূপায়ণ কৰিবলগীয়া পৰিকল্পনা অনুসৰি মহিলাসকলে কৰ ৰেহাইৰ ক্ষেত্ৰত বিশেষ সুবিধা লাভ কৰিব পাৰে।

কৰ্মৰত মহিলাসকলক কৰ ৰেহাই দিবলৈ চৰকাৰে বিশেষ পৰিকল্পনা গ্ৰহণ কৰিছে। ৫জুলাইত লোকসভাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৰ্মৰত মহিলাসকলক বিশেষ উপহাৰ আগবঢ়োৱাৰ যো–জা কৰিছে। সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি শৈক্ষিক ঋণৰ সুত আদায়ৰ সীমা নাইকীয়া হ’ব পাৰে। সেইদৰে শিশুৰ লালন–পালনত কৰা খৰছতো মহিলাসকলে যথেষ্ট ৰেহাই পাব পাৰে।

কৰ্মৰত মহিলাসকলে শিশুৰ ক্ৰেচৰ বাবদ কৰা খৰছত কৰ ৰেহাইৰ সুবিধা লাভ কৰিব পাৰে। কৰ্মৰত মহিলাসকলৰ শিশুৰ ক্ৰেচ ফীজত কৰ ৰেহাই দিয়াৰ সম্ভাৱনা আছে। ক্ৰেচ ফীজৰ ওপৰত সৰ্বোচ্ছ ৭৫০০টকালৈ কৰ ৰেহাই দিয়াৰ সম্ভাৱনা আছে। এই কৰ ৰেহাই সৰ্বাধিক দুটা শিশুৰ ক্ৰেচ ফীজৰ ওপৰত দিয়াৰ বিবেচনা কৰা হৈছে।

মহিলাসকলে বেংকৰ পৰা লোৱা ৪০হাজাৰ টকা পৰ্যন্ত ঋণৰ ওপৰত সুত নাথাকে

মোদী চৰকাৰে অন্তৰ্ৱৰ্তীকালীন বাজেটত ঘোষণা কৰিছিল যে মহিলাসকলে বেংকৰ পৰা ৪০হাজাৰ পৰ্যন্ত টকা ঋণ লোৱাৰ ক্ষেত্ৰত কোনো সুত আদায় দিব নালাগে। অৰ্থাৎ যদি মহিলাই ৪০ হাজাৰ টকা বেংকৰ পৰা ঋণ লাভ কৰে তাত কোনো TDS দিব নালাগে।

অন্তৰ্ৱৰ্তীকালীন বাজেটত চৰকাৰে গৰ্ভৱতী মহিলাসকলৰ কাৰণে পিএম মাতৃ যোজনাৰ ঘোষণা কৰিছিল যাৰ অধীনত মহিলাসকলে ২৬সপ্তাহৰ ছুটী লাভ কৰিব। সেইদৰে চৰকাৰে শ্ৰমিকসকলৰ মৃত্যুৰ সময়ত ২.৫লাখ টকাৰ সলনি ৬লাখ টকা ক্ষতিপূৰণ আদায় দিয়াৰ ঘোষণা কৰিছিল। ইয়াৰ লগতে গ্ৰেচুৱিটীৰ সীমা ১০লাখৰ পৰা বৃদ্ধি কৰি ২০লাখ টকা কৰা হৈছিল।

আৰু চাওক পৰৱৰ্তী বাতৰি