বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বাজেট দাখিল আৰম্ভ হৈছে। দ্বিতীয় নৰেন্দ্ৰ মোডী চৰকাৰৰ শেষৰখন সম্পূৰ্ণ বাজেট দাখিল। নিৰ্মলা সীতাৰমণে দাখিল কৰা এইখন পঞ্চম বাজেট।
বাজেট ভাষণত নিৰ্মলা সীতাৰমণে কয় যে বিশ্বই ভাৰতৰ প্ৰগতি মানি লৈছে। বিত্তমন্ত্ৰীগৰাকীয়ে সদনত কয় যে ভাৰত বিশ্বৰ ভিতৰতে দ্ৰুতগতিত প্ৰগতি লাভ কৰা দেশ আৰু মন্দাৱস্থাৰ মাজতো ভাৰতে অগ্ৰগতি লাভ কৰিছে।
নিৰ্মলা সীতাৰমণে কয় যে বাজেটখনেই হ’ব আগন্তুক তিনি বছৰৰ প্ৰগতিৰ বাবে ব্লু প্ৰিন্ট। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰৰ নীতি হৈছে জনসাধাৰণৰ অৰ্থনৈতিক সুৰক্ষা আৰু সকলোৰে উন্নয়ন সুনিশ্চিত কৰা। উদ্যোগৰ ক্ষেত্ৰত ভাৰতক আধুনিকীকৰণ কৰা হৈছে। বিত্তমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে চৰকাৰে সেউজ উন্নয়নৰ লক্ষ্য লৈছে।
উদ্যোগৰ ক্ষেত্ৰত ভাৰত এখন আধুনিকীকৃত দেশত পৰিণত হৈছে। পি এফ সদস্যৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে দেশ সঠিক দিশত আগবাঢ়িছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|