মুখ্যপৃষ্ঠা »খবৰ »দেশ »‍‍Budget 2023: নতুন বনাম পুৰণি কৰ প্ৰণালী; আপুনি কিমান সঞ্চয় কৰিবলৈ সক্ষম হ’ব জানক

‍‍Budget 2023: নতুন বনাম পুৰণি কৰ প্ৰণালী; আপুনি কিমান সঞ্চয় কৰিবলৈ সক্ষম হ’ব জানক

এই বাজেটত ব্যক্তিগত কৰদাতাসকলৰ ৰেহাইৰ সীমা পূৰ্বৰ ৫ লাখ টকাৰ পৰা বৰ্তমান ৭ লাখলৈ বৃদ্ধি কৰিছে।

এই বাজেটত ব্যক্তিগত কৰদাতাসকলৰ ৰেহাইৰ সীমা পূৰ্বৰ ৫ লাখ টকাৰ পৰা বৰ্তমান ৭ লাখলৈ বৃদ্ধি কৰিছে।

  • Share this:
কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ১ ফেব্ৰুৱাৰীত সংসদত বাজেট ২০২৩ দাখিল কৰে। এই বাজেটত ব্যক্তিগত কৰদাতাসকলৰ ৰেহাইৰ সীমা পূৰ্বৰ ৫ লাখ টকাৰ পৰা বৰ্তমান ৭ লাখলৈ বৃদ্ধি কৰিছে। বুধবাৰে সংসদত কেন্দ্ৰীয় বাজেট ২০২৩ উপস্থাপন কৰি তেওঁ কয় যে, ‘‘বৰ্তমান নতুন আৰু পুৰণি দুয়োটা কৰ ব্যৱস্থাত ৫ লাখ টকালৈকে উপাৰ্জন কৰা সকলে কোনো আয়কৰ পৰিশোধ নকৰে। মই নতুন কৰ ব্যৱস্থাত ৰেহাইৰ সীমা ৭ লাখ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছো। ইয়াৰ অৰ্থ হৈছে যে নতুন কৰ ব্যৱস্থাত, এজন ব্যক্তিয়ে ৭ লাখ টকালৈকে কোনো কৰ পৰিশোধ কৰিব নালাগে।’’

নতুন কৰ স্লেব–

০–৩ লাখ টকাৰ পৰা উপাৰ্জন: কোনো কৰ নাই
৩–৬ লাখ টকাৰ পৰা উপাৰ্জন: ৫%
৬–৯ লাখ টকাৰ পৰা উপাৰ্জন: ১০%
৯–১২ লাখ টকাৰ পৰা উপাৰ্জন: ১৫%
১২–১৫ লাখ টকাৰ পৰা উপাৰ্জন: ২০%
১৫ লাখ টকাৰ ওপৰত উপাৰ্জন: ৩০%

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মালা সীতাৰমণে কয় যে, ‘‘২০২০ চনত মই ২.৫ লাখ টকাৰ পৰা আৰম্ভ হোৱা ছয়টা উপাৰ্জন শ্লেবৰ সৈতে এক নতুন ব্যক্তিগত আয়কৰ ব্যৱস্থা আৰম্ভ কৰিছিলো। এতিয়া মই শ্লেবৰ সংখ্যা পাঁচলৈ হ্ৰাস কৰি আৰু কৰ ৰেহাইৰ সীমা তিনি লাখ টকালৈ বৃদ্ধি কৰি এই ব্যৱস্থাটো সলনি কৰাৰ প্ৰস্তাৱ দিছো।’’

বাজেট ২০২০ত, বিত্ত মন্ত্ৰীয়ে ব্যক্তিগত কৰদাতাক পুৰণি প্ৰণালীলৈ যোৱাৰ বিকল্প দিছিল যাৰ অধীনত তেওঁলোকে কৰ ৰেহাই পাব পাৰে, বা নতুন প্ৰণালীলৈ যাব পাৰে য'ত ৰেহাই দাবী কৰাৰ কোনো বিকল্প নাই। পুৰণি কৰ ব্যৱস্থাত, যিসকলৰ উপাৰ্জন বছৰি ১৫ লাখ টকা আছিল তেওঁলোকৰ বাবে কৰ হাৰ আছিল ৩০ শতাংশ কিন্তু তেওঁলোকে ৰেহাই দাবী কৰিব পাৰে।

যিসকলে ২০২০ চনত প্ৰথমবাৰৰ বাবে ঘোষিত নতুন কৰ ব্যৱস্থাৰ বাছনি কৰিছিল আৰু যাৰ উপাৰ্জন ১৫ লাখ টকাতকৈ অধিক আছিল তেওঁলোকৰ ওপৰত ২৫ শতাংশ কৰ আৰোপ কৰা হৈছিল কিন্তু ৰেহাই দাবী কৰিব পৰা সুবিধা নাছিল।

নতুন কৰ ব্যৱস্থাৰ পৰা কেনেদৰে অধিক সঞ্চয় কৰিব পাৰি তলৰ উদাহৰণৰ পৰা বুজক–

আপোনাৰ দৰমহা যদি বছৰি সাত লাখ টকা হয় তেন্তে আপুনি কোনো কৰ পৰিশোধ কৰিব লগা নহয়। পূৰ্বতে এই ৰেহাই বছৰি পাঁচ লাখ টকা আছিল।

যদি আপোনাৰ দৰমহা বাৰ্ষিক ৯ লাখ টকা হয়, তেন্তে পৰিমাণটো স্লেবত বিভক্ত কৰি কৰ আৰোপ কৰা হ’ব।

১) ০–৩ লাখ টকা: কোনো কৰ নাই পূৰ্বতে ই ০–২.৫ লাখ টকা আছিল)
এতিয়া ৬ লাখ টকাৰ বাকী পৰিমাণ দুটা শ্লেবৰ অধীনত অৰ্থাৎ ৩-৬ লাখ টকাৰ অংশৰ ওপৰত ৫ শতাংশ আৰু ৬-৯ লাখ টকাৰ অংশৰ ওপৰত ১০ শতাংশ কৰ আৰোপ কৰা হ’ব।

২) ৩ লাখ টকাৰ ওপৰত ৫ শতাংশ কৰ: ১৫,০০০ টকা
৩ লাখ টকাৰ বাকী পৰিমাণৰ ওপৰত এটা স্লেবৰ অধীনত অৰ্থাৎ ৬–৯ লাখৰ এই স্লেবত ১০ শতাংশ কৰ আৰোপ কৰা হ’ব।

৩) ৩ লাখ টকাৰ ওপৰত ১০ শতাংশ কৰ: ৩০,০০০ টকা
এনেদৰে ৯ লাখ টকাৰ (১, ২ আৰু ৩ ৰ মুঠ যোগফল)ৰ ওপৰত মুঠ কৰ: ৪৫ হাজাৰ টকা

অৱশ্যে, যদি পুৰণি শ্লেব (০–০.২৫ লাখ টকা ৰেহাই আৰু ৫ লাখ টকা ৰেহাই) ব্যৱহাৰ কৰি এই ৯ লাখ টকাৰ ওপৰত কৰ গণনা কৰা হয়, আপুনি ৬০,০০০ টকা পৰিশোধ কৰিব লাগিব যাৰ অৰ্থ হৈছে নতুন শ্লেবে ২৫ শতাংশ ৰাহি কৰিছে।

শেহতীয়া বাতৰি