আজি সংসদত কেন্দ্ৰীয় বাজেট ২০২৩ দাখিল কৰা হৈছে। মোদী চৰকাৰে দেশৰ দৰিদ্ৰ লোকসকলক বিনামূলীয়া খাদ্যশস্য প্ৰদান কৰিবলৈ ‘প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা’ৰ বাবে ২ লাখ কোটি টকা ব্যয় কৰিব। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৩ চনৰ বাজেটত এই কথা ঘোষণা কৰে। তেওঁ কয় যে, কৰোনা মহামাৰীৰ সময়ত চৰকাৰে ৮০ কোটি দৰিদ্ৰ লোকক খাদ্যশস্য প্ৰদান কৰি কোনে যাতে ভোকত শুব লগা নহয় সেইটো নিশ্চিত কৰিছিল।
বিত্ত মন্ত্ৰীয়ে জনায় যে সকলো অন্ত্যোদয় আৰু অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালক এবছৰৰ বাবে বিনামূলীয়া খাদ্য শস্য প্ৰদান কৰাৰ বাবে ‘প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা’ৰ অধীনত কেন্দ্ৰীয় চৰকাৰে প্ৰায় ২ লাখ কোটি টকাৰ সমগ্ৰ ব্যয় বহন কৰি আছে।
উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ একত্ৰিত খাদ্য সুৰক্ষা আঁচনিৰ নাম ‘প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা (PMGKAY) ৰখা হৈছে, যাৰ অধীনত ১ জানুৱাৰীৰ পৰা ৮০ কোটিৰো অধিক দৰিদ্ৰ লোকক বিনামূলীয়া খাদ্যশস্য প্ৰদান কৰা হৈছে। পিএমজিকেএ নামেৰে জনাজাত আন এখন আঁচনিৰ অধীনত দৰিদ্ৰ লোকসকলক পাঁচ কিলোগ্ৰাম খাদ্যশস্যৰ বিনামূলীয়া মাহিলী বিতৰণ বন্ধ কৰাৰ বাবে চৰকাৰে বিৰোধীৰ সমালোচনাৰ মাজতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
২০২০ চনৰ এপ্ৰিলত কৰোনা ভাইৰাছ মহামাৰীৰ পৰিপ্ৰেক্ষিতত আৰম্ভ কৰা এই আঁচনিখন বিগত বৰ্ষৰ ডিচেম্বৰত সমাপ্ত হৈছিল। বিগত মাহত, চৰকাৰে পিএমজিকেৱাইক দুটা বিদ্যমান খাদ্য ৰাজসাহায্য আঁচনিত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছিল আৰু ইয়াৰ ফলত নতুন একত্ৰিত খাদ্য সুৰক্ষা আঁচনি ৰূপায়ণ কৰা হৈছিল।
Published by: Sehnaz Begum
FIRST PUBLISHED : February 01, 2023, 13:09 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|