মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»Union Budget 2021 : চৰকাৰী চাকৰিয়াললৈ বাজেটত বেয়া খবৰ, আগৰ সমান ঘৰলৈ টকা নাহিব! জানক

Union Budget 2021 : চৰকাৰী চাকৰিয়াললৈ বাজেটত বেয়া খবৰ, আগৰ সমান ঘৰলৈ টকা নাহিব! জানক

News18 Assam | News18-Assam
Updated:February 2, 2021, 6:44 PM IST
Union Budget 2021 : চৰকাৰী চাকৰিয়াললৈ বাজেটত বেয়া খবৰ, আগৰ সমান ঘৰলৈ টকা নাহিব! জানক
সোমবাৰে বাজেটত নিৰ্মলা সীতাৰমনে জনাইছে, প্ৰভিডেণ্ট ফাণ্ডত বছৰত আঢ়ৈ লাখ টকাৰ বেছি দৰমহাৰ পৰা জমা হ’লে সেয়া কৰৰ আওতালৈ আহিব।

সোমবাৰে বাজেটত নিৰ্মলা সীতাৰমনে জনাইছে, প্ৰভিডেণ্ট ফাণ্ডত বছৰত আঢ়ৈ লাখ টকাৰ বেছি দৰমহাৰ পৰা জমা হ’লে সেয়া কৰৰ আওতালৈ আহিব।

  • Share this:
এইবাৰৰ বাজেটত আয়কৰৰ কোনো সালসলনি ঘটোৱা নাই। লগতে বাজেটত নতুন যি ৱেজ কোডৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে, সেয়া কাৰ্যকৰী হ’লে কমিব টেক হোম ছেলাৰীৰ পৰিমাণ। সিমানেই নহয়, কমিব অৱসৰকালীন সঞ্চয়ো।

সোমবাৰে বাজেটত নিৰ্মলা সীতাৰমনে জনাইছে, প্ৰভিডেণ্ট ফাণ্ডত বছৰত আঢ়ৈ লাখ টকাৰ বেছি দৰমহাৰ পৰা জমা হ’লে সেয়া কৰৰ আওতালৈ আহিব। অথচ অৱসৰকালীন সঞ্চয়ৰ বাবে প্ৰভিডেণ্ট ফাণ্ডত ধন ৰখাটোৱে চাকৰিয়ালসকলৰ প্ৰথম পছন্দ। ইমানদিনে প্ৰভিডেণ্ট ফাণ্ডৰ পৰা কৰমুক্ত ধনৰাশি পোৱাৰ ক্ষেত্ৰত কোনো ঊৰ্ধ্বসীমা নাছিল। বিগত বৰ্ষত বাজেটত প্ৰভিডেণ্ট ফাণ্ডত বিনিয়োগকাৰীৰ অনুদানৰ বাৰ্ষিক ঊৰ্ধ্বসীমা চাৰে ৭ লাখ টকা বান্ধি দিয়া হয়। এইবাৰ বছৰত এমপ্লয়ি প্ৰভিডেণ্ট ফাণ্ডত বছৰত আঢ়ৈ লাখ টকাৰ বেছি জমা দিলে টকা তোলাৰ সময়ত তাৰ পৰা কৰ কৰ্তন কৰা হ’ব।

আকৌ ২০১৯ বৰ্ষত পাছ হোৱা নতুন ৱেজ কোড অনুযায়ী, কৰ্মচাৰীৰ বেতনৰ পৰা পিএফৰ অনুদান বৃদ্ধি কৰা হ’ব। যাৰ ফলত কমিব টেক হোম ছেলাৰী। অৰ্থাৎ মাহৰ শেষত হাতত আৰু কম টকা পাব বেতনভোগীসকলে। নতুন এই বিধি অনুসৰি, কৰ্মচাৰীৰ মুঠ বেতনৰ ভিতৰত ভাত্তাৰ অংশ ৫০ শতাংশৰো বেছি হ’ব নোৱাৰিব। ইয়াৰ ফলত বিনিয়োগকাৰীৰ খৰচ বাঢ়িব আৰু টেক হোম ছেলাৰী কমিব।

নতুন এই নিময় মানিবলৈ গৈ কৰ্মচাৰীসকলে মূল বেতন বঢ়াব লাগিব বিনিয়োগকাৰীসকলে। যাতে বিনিয়োগকাৰী আৰু কৰ্মচাৰী দুয়োফালেই পিএফ অনুদানৰ অংশ বঢ়োৱা হয়।

উদাহৰণস্বৰূপে এজন কৰ্মচাৰীৰ মাহিলী বেতন আছিল  লাখ টকা। ইয়াৰ ভিতৰত প্ৰতিমাহে ২০ হাজাৰ টকা প্ৰভিডেণ্ট ফাণ্ডৰ বাবে কটা হয়। নতুন ৱেজ কোড কাৰ্যকৰী হ’লে লোকজনৰ পিএফ অনুদান বৃদ্ধি পাই হ’ব ২৫ হাজাৰ টকা। অৰ্থাৎ লোকজনৰ মাহিলী টেক হোম ছেলাৰী ৫ হাাৰ টকা গমি যাব। আকৌ যিহেতু প্ৰভিডেণ্ট ফাণ্ডত তেওঁৰ বাৰ্ষিক অনুদান আঢ়ৈ লাখতকৈ বেছি হ’ব, সেয়ে ২০২১ বৰ্ষৰ বাজেট অনুসৰি, লোকজনৰ প্ৰভিডেণ্ট ফাণ্ডৰ সঞ্চয়ো কৰৰ আওতালৈ আহিব।
Published by: Sanjay Kumar Das
First published: February 2, 2021, 6:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি