এই নতুন শুল্ক কাৰ্যকৰী কৰাৰ পিছত কিন্তু এই সামগ্ৰী সমূহৰ মূল্য বৃদ্ধি নহয়। এই নতুন শুল্ক কাৰ্যকৰী কৰাৰ পিছত কিন্তু এই সামগ্ৰী সমূহৰ মূল্য বৃদ্ধি নহয়। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি সংসদৰ মজিয়াত দাখিল কৰা কেন্দ্ৰীয় বাজেটত মদত ১০০ শতাংশ কৃষি আন্তঃগাঁথনি আৰু উন্নয়ন শুল্ক (Cess) কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰিছে। সমান্তৰালকৈ এই শুল্ক প্ৰতিলিটাৰ পেট্ৰলত ২.৫ টকা আৰু প্ৰতিলিটাৰ ডিজেলত ৪ টকা হ’ব। লগতে সোণ আৰু ৰূপৰ ২.৫ শতাংশ, Crude Palm Oilত ১৭.৫ শতাংশ, চয়াবিন আৰু বেলিফুলৰ তেলত ৩৫ শতাংশ আৰু মটৰত ৪০ শতাংশ হ’ব। অহা ফেব্ৰুৱাৰীৰ ২ তাৰিখৰ পৰা এই শুল্ক প্ৰযোজ্য হ’ব।
উল্লেখযোগ্য যে এই নতুন শুল্ক কাৰ্যকৰী কৰাৰ পিছত কিন্তু এই সামগ্ৰী সমূহৰ মূল্য বৃদ্ধি নহয়। কাৰণ এই সামগ্ৰী সমূহত Basic Excise Duty আৰু Special Additional Excise Duty ইতিমধ্যে হ্ৰাস কৰা হৈছে।
Published by: Sanjay Kumar Das
First published: February 01, 2021, 18:05 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|