Union Budget 2021: কোৰোণা চিকিৎসাত হোৱা খৰচৰ পৰা ইনকাম টেক্সত পাব ৰেহাই, জানক সবিশেষ

কেন্দ্ৰীয় বাজেট ১ ফেব্ৰুৱাৰীত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে উত্থাপন কৰিব।
কেন্দ্ৰীয় বাজেট ১ ফেব্ৰুৱাৰীত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে উত্থাপন কৰিব।
- News18 Assam
- Last Updated: January 15, 2021, 1:10 PM IST
১ লাখটকা লৈকে খৰছত পাব টেক্স ৰেহাই
সূত্ৰমতে কোৰোণাক বিশেষ বেমাৰৰ (Specific Disease) অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত চিন্তা–চৰ্চা কৰা হৈছে। ইয়াত এই কথা স্পষ্ট যে ইনকাম টেক্সত ৰেহাই কেৱল সেইসকল লোকে পাব যিসকলৰ ওচৰত কোনো হেলথ পলিচি নাই। জানিব পৰা মতে, কোৰোণাৰ চিকিৎসাৰ ক্ষেত্ৰত টেক্স ৰেহাই চলিত বিত্ত বৰ্ষৰ পৰাই আৰম্ভ হ’ব পাৰে। চিকিৎসাৰ ক্ষেত্ৰত সৰ্বাধিক ১লাখ টকালৈকে খৰছত টেক্স ডিডাকচন (Tax Deduction) পোৱা যাব পাৰে। সূত্ৰমতে এই ৰেহাইৰ সুবিধা নিজৰ (Self) আৰু আশ্ৰিত (Dependent) দুয়োৰে ক্ষেত্ৰত কৰিব পৰা যাব। বৰ্তমান এই ৰেহাই কেন্সাৰ সহ দুই ডজনৰো অধিক ৰোগৰ ক্ষেত্ৰত আছে।