Budget 2021: নিজাকৈ ঘৰ কিনিব বিচৰাসকলৰ কাৰণে ভাল খবৰ! ইমান টকালৈকে পাব কৰ ৰেহাই

News18 Assam | News18-Assam
Updated:February 1, 2021, 2:19 PM IST
Budget 2021: নিজাকৈ ঘৰ কিনিব বিচৰাসকলৰ কাৰণে ভাল খবৰ! ইমান টকালৈকে পাব কৰ ৰেহাই
ঘৰ কিনা তথা ভাৰাৰ ক্ষেত্ৰত এই সুবিধা পাব সাধাৰণ ৰাইজে।

ঘৰ কিনা তথা ভাৰাৰ ক্ষেত্ৰত এই সুবিধা পাব সাধাৰণ ৰাইজে।

  • Share this:
নতুন দিল্লীঃ সাধাৰণ মধ্যবিত্তসকলৰ সপোনৰ ঘৰখন কিনাৰ ক্ষেত্ৰত বাজেটত বিশেষ পৰিকল্পনা ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। নতুন ফ্লেট কিনিলে দেৰ লাখ টকা (১.৫ লাখ) টকা পর্যন্ত কৰ ৰেহাই পাব। লগতে এই সুবিধা পান ২০২২ৰ মাৰ্চ মাহ পৰ্যন্ত। বাজেট দাখিল কৰিবলৈ গৈ এই কথা জনায় কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে।

ঘৰ কিনা তথা ঘৰ ভাৰা দিয়াৰ ক্ষেত্ৰত এই সুবিধা পাব সাধাৰণ মানুহে। বাজেটত ঘোষণা কৰি সাধাৰণ ৰাইজক এই স্বস্তি প্ৰদান কৰে নিৰ্মলা সীতাৰমণে।

তথাপিও এইবছৰ কৰ ৰেহাইৰ ক্ষেত্ৰত খুব বেছি সুবিধা নাপায় সাধাৰণ মানুহে। অৱশ্যে প্ৰবীণ নাগৰিকৰ ক্ষেত্ৰত আয়কৰৰ বিশেষ ৰেহাই দিয়া হৈছে। ৭৫বছৰৰ উৰ্ধৰ বয়সীয়াল যিসকল পেন্সনভোগী তেওঁলোকে আয়কৰ ৰিটাৰ্ণ দিব নালাগে। বেংকত পেন্সনত TDS কৰ্তন কৰা নহয়। জনায় বিত্তমন্ত্ৰীয়ে বাজেট ঘোষণাত।

চলিত বছৰত চৰকাৰৰ ৰাজহ ঘাটি GDP-ৰ ৯.৫ শতাংশ। বাৰ লাখ কোটি টকা বজাৰৰ পৰা ঋণ আদায় দিব লাগে চৰকাৰক। জনায় নিৰ্মলা সীতাৰমণে। এলআইচিৰ শ্বেয়াৰ খোলা বজাৰত ক্ৰয় কৰিব পাৰিব। তাৰ কাৰণে সংশোধনী অনা হ’ব। বাজেটত ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ।
First published: February 1, 2021, 2:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি