Budget 2021: ইনকাম টেক্স শ্লেবত কোনো পৰিৱৰ্তন নাই, চিনিয়ৰ চিটিজেনক ITR ৰ পৰা ৰেহাই, জানক সবিশেষ

News18 Assam | News18-Assam
Updated:February 1, 2021, 1:21 PM IST
Budget 2021: ইনকাম টেক্স শ্লেবত কোনো পৰিৱৰ্তন নাই, চিনিয়ৰ চিটিজেনক ITR ৰ পৰা ৰেহাই, জানক সবিশেষ
Income Tax Slab in Budget 2021: বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে (Nirmala Sitharaman) সাধাৰণ বাজেট দাখিল কৰে। এই বাজেটত ইনকাম টেক্স শ্লেবৰ ওপৰত চাকৰিজীৱি সকলৰ দৃষ্টি নিবদ্ধ আছিল।

Income Tax Slab in Budget 2021: বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে (Nirmala Sitharaman) সাধাৰণ বাজেট দাখিল কৰে। এই বাজেটত ইনকাম টেক্স শ্লেবৰ ওপৰত চাকৰিজীৱি সকলৰ দৃষ্টি নিবদ্ধ আছিল।

  • Share this:
নতুন দিল্লীঃ সাধাৰণ বাজেট (Union Budget 2021-2022) আজি অৰ্থাৎ সোমবাৰে দাখিল কৰা হয়। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে (Nirmala Sitharaman) দাখিল কৰা বাজেটত দেশৰ কৃষক, চাকৰিজীৱি আৰু ব্যৱসায়ী সকলোৰে ওপৰত দৃষ্টি নিবদ্ধ। কোৰোণা মহামাৰীৰ কাৰণে দেশৰ অৰ্থব্যৱস্থাৰ ক্ষতি হোৱাৰ পিছত এই বাজেটখনক (Budget 2021) দেশৰ সঞ্জীৱনী আখ্যা দিয়া হৈছে। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ তৰফৰ পৰা দাখিল কৰা সাধাৰণ বাজেটত ইনকাম টেক্স শ্লেবত (Income Tax Slab in Budget) ৰেহাইৰ ক্ষেত্ৰত চাকৰিজীৱিসকলৰ দৃষ্টি নিবদ্ধ আছিল। কিন্তু এইবাৰ বাজেটত ইনকাম টেক্স শ্লেবত কোনো পৰিৱৰ্তন কৰা নাই।

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে চিনিয়ৰ চিটিজেনৰ কাৰণে এই বাজেটত ডাঙৰ ঘোষণা কৰিছে। এই ঘোষণা অনুসৰি ৭৫বছৰৰ ওপৰৰ বয়সীয়াল লোকসকলক এতিয়া টেক্সত ৰেহাই দিয়া হৈছে। এতিয়া ৭৫বছৰৰ ওপৰৰ বয়সীয়াল পেন্সনধাৰীসকলে ইনকাম টেক্স দিব নালাগে। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰে যে চৰকাৰে ৭৫বছৰৰ ওপৰৰ বয়সীয়াল লোকসকলৰ ওপৰত পৰা চাপ কম কৰিবলৈ বিচাৰি আছে। ৭৫বছৰৰ যিসকল জ্যেষ্ঠ নাগৰিকৰ আয়ৰ উৎস কেৱল পেন্সন তেওঁলোকে এতিয়া ইনকাম টেক্স ৰিটাৰ্ণ ভৰিব নালাগে।

বাজেটত বিত্ত মন্ত্ৰীয়ে ঘোষণা কৰে যে ক্ষুদ্ৰ কৰদাতাসকলৰ কাৰণে সুবিধা কৰিবলৈ বিবাদ সমাধান সমিতি গঠন কৰাৰ প্ৰস্তাৱ লোৱা হৈছে। ইয়ে দক্ষতা, পাৰদৰ্শিতা সুনিশ্চিত কৰিব। ৫০লাখ টকালৈকে যোগ্য আয় কৰোতা আৰু ১০লাখ টকালৈকে বিবাদিত আয় কৰোতাই এই সমিতিৰ সন্মুখলৈ যাব পাৰিব।

বাজেটত এনআৰআই লোকৰ কাৰণেও সুবিধাৰ ঘোষণা কৰিছে। তেওঁ এই সন্দৰ্ভত কয় যে এনআৰআই লোকসকলে টেক্স আদায় দিয়াৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। কিন্তু এইবাৰ চৰকাৰে তেওঁলোকক ডাবল টেক্স চিষ্টেমৰ পৰা ৰেহাই দিছে।
First published: February 1, 2021, 1:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি