কোৰোণা ভাইৰাছৰ ভেকচিনৰ বাবে ৩৫ হাজাৰ কোটি টকা আবণ্টন : নিৰ্মলা সীতাৰমন

News18 Assam | News18-Assam
Updated:February 1, 2021, 11:35 AM IST
কোৰোণা ভাইৰাছৰ ভেকচিনৰ বাবে ৩৫ হাজাৰ কোটি টকা আবণ্টন : নিৰ্মলা সীতাৰমন
বিত্ত মন্ত্ৰীয়ে কয় যে কোভিডৰ মোকাবিলা কৰিবলৈ জিডিপিৰ ১৩ শতাংশ খৰচ হৈছে।

বিত্ত মন্ত্ৰীয়ে কয় যে কোভিডৰ মোকাবিলা কৰিবলৈ জিডিপিৰ ১৩ শতাংশ খৰচ হৈছে।

  • Share this:
কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে সংসদত দাখিল কৰিছে ২০২১–২২ বৰ্ষৰ সাধাৰণ বাজেট। সংসদত ডিজিটেল বাজেট দাখিল সীতাৰমনৰ। বাজেট ভাষণত বিত্ত মন্ত্ৰীয়ে কয় – এই বাজেট এনেকুৱা পৰিস্থিতিত প্ৰস্তুত কৰা হৈছে, যি পূৰ্বে কেতিয়াও হোৱা নাছিল। ২০২০ত আমি কোভিড–১৯ৰ সৈতে কি কি সহিবলগীয়া হৈছে সেয়া সকলোৱে জানে। লকডাউনৰ ৪৮ ঘণ্টাৰ ভিতৰত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা ঘোষণা কৰিছিল।

বিত্ত মন্ত্ৰীয়ে কয় যে কোভিডৰ মোকাবিলা কৰিবলৈ জিডিপিৰ ১৩ শতাংশ খৰচ হৈছে। দুই বা তিনিটা আৰু ভেকচিন শীঘ্ৰে আহিব। প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা, তিনি আত্মনিৰ্ভৰ ভাৰত পেকেজ আৰু তাৰ পিছৰ ঘোষণা পাঁচ মিনি বাজেটৰ দৰে আছিল।

‘‘আজি ভাৰতৰ হাতত দুবিধ ভেকচিন উপলব্ধ আৰু কেৱল নিজৰ নাগৰিককে নহয়, ১০০তকৈ অধিক দেশক ভেকচিন দিবলৈ আৰম্ভ কৰিছে। শীঘ্ৰে আৰু দুবিধ ভেকচিন লাভ কৰাৰ সম্ভাৱনা আছে।’’ – ক’লে সীতাৰমনে।

বিত্ত মন্ত্ৰীয়ে কয় যে কোভিড ভেকচিনৰ বাবে ২০২১–২২ বৰ্ষৰ বাবে ২৩৮ লাখ কোটি টকা ৰখা হৈছে যিটো বিগত বৰ্ষৰ তুলনাত ১৩৫ শতাংশ বেছি। বিত্ত মন্ত্ৰীয়ে কয় যে ভেকচিনৰ বাবে ৩৫ হাজাৰ কোটি টকা আবণ্টন কৰা হৈছে। প্ৰয়োজনত আৰু অধিক আবণ্টনত কৰা হ’ব।
Published by: Sanjay Kumar Das
First published: February 1, 2021, 11:35 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি