মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»Budget 2021-বাগানৰ শ্ৰমিকৰ বাবে ১০০০ কোটি টকা ধাৰ্য, লগতে আৰু বহু গুৰুত্বপূৰ্ণ ঘোষণা

Budget 2021-বাগানৰ শ্ৰমিকৰ বাবে ১০০০ কোটি টকা ধাৰ্য, লগতে আৰু বহু গুৰুত্বপূৰ্ণ ঘোষণা

News18 Assam | News18-Assam
Updated:February 1, 2021, 12:42 PM IST
Budget 2021-বাগানৰ শ্ৰমিকৰ বাবে ১০০০ কোটি টকা ধাৰ্য, লগতে আৰু বহু গুৰুত্বপূৰ্ণ ঘোষণা
ফাইল ফটো

আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সংসদত দাখিল কৰিছে ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেট।

  • Share this:
আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সংসদত দাখিল কৰিছে ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেট। কোৰোণা কালৰ পিছত দাখিল কৰা এই বাজেট অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। এইবাৰৰ বাজেটত বাগানৰ শ্ৰমিকৰ বাবে ১০০০ কোটি টকা ধাৰ্য কৰা হৈছে।

বাজেটৰ গুৰুত্বপূৰ্ণ ঘোষণা-


  • লোকপিয়লৰ বাবে ৩৭৬০ কোটি ধাৰ্য। পোন প্ৰথমবাৰৰ বাবে লোকপিয়ল ডিজিটেল প্ৰক্ৰিয়াৰে হ'ব।

  • উচ্চ শিক্ষা আয়োগ গঠন কৰা হ'ব। লেহত কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন কৰা হ'ব।

  • 2021ৰ ডিচেম্বৰত ভাৰতে মানৱচালিত মহাকাশযান প্ৰেৰণ কৰিব।

  • এই বিত্তীয় বৰ্ষত দুটা চৰকাৰী বেংক আৰু এটা বীমা কোম্পানী Disinvestment কৰা হ'ব।


  • এইবাৰৰ বাজেটত পি এম আত্মনিৰ্ভৰ সুস্থ ভাৰত যোঁজনাৰ বাবে ৬১৮০কোটি ধাৰ্য।

  • বয়ু প্ৰদূষণ ৰোধ কৰিবলৈ ২০০০ কোটি ধাৰ্য।

  • কোৰোণা ভেকচিনৰ বাবে ৩৫০০ কোটি ধাৰ্য।

  • স্বাস্থ্য খণ্ডলৈ অনুদান ১৩৭ শতাংশ বৃদ্ধি। স্বাস্থ্য খণ্ডৰ বাবে ২,২২,০০০ কোটি টকা ধাৰ্য।

  • বস্ত্ৰ উদ্যোগত গুৰুত্ব প্ৰদান এইবাৰৰ বাজেটত।

  • সাতখন মেগা টেক্সটাইল পাৰ্ক নিৰ্মাণৰ পৰিকল্পনা।

  • পুৰনি বাহনৰ বাবে স্ক্ৰেপ পলিচিৰ প্ৰস্তাব।

  • চাৰিখন নেচ'নেল ইঞ্চটিউট অৱ ভাইৰ'লজি নিৰ্মাণ কৰা হ'ব।

  • ৫ ত্ৰিলিয়ন অৰ্থনীতিৰ পৰিকল্পনা বাস্তৱায়িত কৰিবলৈ মেনুফেস্কাৰিং চেক্টৰত 1•5 লাখ কোটি টকা ধাৰ্য।

  • তামিলনাডুত এক লাখ কোটিৰ ব্যয়েৰে ৩৫০০ কি মি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হ'ব।

  • কেৰালাত ৬৫০০ কোটি টকা ব্যয়ৰে১১০০ কি মি ৰাস্তা নিৰ্মাণ কৰা হ'ব।

  • পশ্চিমবংগতো ২৫০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হ'ব ৰাষ্ট্ৰীয় ঘাইপথ।

  • ২০২৩ চনৰ ভিতৰত ১০০ শতাংশ ব্ৰডগজ ৰে'ললাইন কৰা হ'ব।

  • ভাৰতীয় ৰে'লৰ বাবে এক লাখ দহ হাজাৰ কোটি টকা ধাৰ্য।

  • সৌৰশক্তিৰ বাবে 1000 কোটি টকা ধাৰ্য।

  • দেশত ১০০ খন নতুন সৈনিক স্কুল খোলা হ'ব।

  • ১,৭২,৭৫২ কোটি টকা এম এছ পি দৰত কৃষকৰ ফচল ক্ৰয়ৰ বাবে ধাৰ্য।

  • মন্দি সমূহ ইণ্টাৰনেটৰে সংযুক্ত কৰা হ'ব।

  • ২০২২ পৰ্যন্ত কৃষকৰ আমদানি দুগুণ কৰাৰ পৰিকল্পনা।

  • জলসিঞ্চনৰ বাবে ৫০০০ কোটি ধাৰ্য।

Published by: Himangshu Bhuyan
First published: February 1, 2021, 12:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি