বাজেট ২০২১ : সীতাৰমনৰ ভাষণ আৰম্ভ হোৱাৰ পূৰ্বে নাজানিলে নহ’ব এই ১০টা কথা!

News18 Assam | News18-Assam
Updated:February 1, 2021, 11:03 AM IST
বাজেট ২০২১ : সীতাৰমনৰ ভাষণ আৰম্ভ হোৱাৰ পূৰ্বে নাজানিলে নহ’ব এই ১০টা কথা!
নৰেন্দ্ৰ মোদী চৰকাৰে বাজেটক লৈ কি সিদ্ধান্ত ল’লে, সেয়া কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি ১১ বজাত প্ৰকাশ কৰিব।

নৰেন্দ্ৰ মোদী চৰকাৰে বাজেটক লৈ কি সিদ্ধান্ত ল’লে, সেয়া কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি ১১ বজাত প্ৰকাশ কৰিব।

  • Share this:
কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে স্পষ্ট কৰি দিছে যে ২০২১ৰ পৰা ২০২২ বিত্তীয় বৰ্ষৰ বাজেট হ’ব অভূতপূৰ্ব, এনেকুৱা বাজেট কোনোৱে আগতে দেখা নাই! কিন্তু অৰ্থনীতিৰ সৈতে জড়িত বিশেষজ্ঞসকলে কৈছে, নৰেন্দ্ৰ মোদী চৰকাৰে বিগত কেইবা বছৰ ধৰি বাজেট দাখিলৰ দিনটোত কেতিয়াও কোনো ডাঙৰ অৰ্থনৈতিক সিদ্ধান্ত ঘোষণা কৰা নাই। সেই দিশৰ পৰা বিচাৰ কৰি সংসদত যিসমূহ বাজেট দাখিল কৰা হৈছে তাৰ ভিতৰত প্ৰায় আটাইকেইখনকে অৰ্থনীতিবিদসকলে কৈছে মিনি বাজেট বুলি। এইবাৰো সেই মিনি বাজেটেই দাখিল হাব নেকি? কিছু পিছতে জানিব পৰা যাব, তাৰ পূৰ্বে জানক এই ১০তা তথ্য।

১. নৰেন্দ্ৰ মোদী চৰকাৰে বাজেটক লৈ কি সিদ্ধান্ত ল’লে, সেয়া কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি ১১ বজাত প্ৰকাশ কৰিব। মোদীয়ে কোৰোণাকালত ৪–৫খন মিনি বাজেটৰ সিদ্ধান্ত লৈছিল, এয়া তাৰো এক অংশ হোৱাৰ সম্ভাৱনা প্ৰবল।

২. ১১ শতাংশ গ্ৰ’থ ৰেটৰ পৰিকল্পনাৰে এইবাৰ সীতাৰমনে ছাৰভাইভেল পদ্ধতিৰ সলনি ৰিভাইভেল পদ্ধতি অৱলম্বন কৰিব পাৰে। এই কথা কৈছে অৰ্থনীতিবিদসকলে।

৩. কোৰোণাকালীন পৰিস্থিতিত দেশৰ জিডিপি বিধ্বস্ত হৈ পৰিছে। ইমান বেয়া অৰ্থনৈতিক অৱস্থাৰ মুখামুখি কেতিয়াও হোৱা নাছিল দেশে। সেই ফালৰ পৰা লক্ষ্য কৰিলে পুৰণি আঁচনিসমূহৰে সংস্কাৰ হ’ব পাৰে। এইবাৰৰ বাজেটৰ পৰা নতুন কিবা পোৱাৰ আশা কম বুলি কয় বিশেষজ্ঞসকলে।

৪. আগৰ বছৰতকৈ ব্যয় ১৫ শতাংশ বৃদ্ধি, আন্তঃগাঁথনি ছেক্টৰত বিনিয়োগ আৰু বিদেশী বিনিয়োগকাৰীসকলৰ আকৰ্ষণৰ নীতি – এই তিনি পথেৰে এইবাৰ সজোৱা হ’ব পাৰে বাজেট।

৫. কোৰোণাৰ কথা লক্ষ্য ৰাখি স্বাস্থ্য ক্ষেত্ৰত খৰচ বৃদ্ধি কৰিব পাৰে চৰকাৰে।

৬. শিল্পৰ সৈতে জড়িত মানুহে কৰৰ বোজা কিছু সকাহ হোৱাটো বিচাৰিছে। কিন্তু এই সুবিধা পাব পাৰে কেৱল ক্ষুদ্ৰ আৰু মধ্যম উদ্যোগীসকলে, এই মন্তব্য কৰিছে অৰ্থনীতিবিদসকলে।

৭. আগন্তুক বিত্তীয় বৰ্ষত চৰকাৰে যি আৰ্থিক ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া চলিত বৰ্ষৰ তুলনাত ৭ শতাংশ অধিক হোৱাৰ সম্ভাৱনা আছে।

৮. নানা বিষয়ত কৰৰ বোজা ক্ৰমাগতভাৱে বাঢ়ি আছে, এই বাজেটতো সেয়া নকমে। নানা ক্ষেত্ৰত আমদানি শুল্ক বৃদ্ধিৰ সম্ভাৱনা আছে।

৯. পাব্লিক ছেক্টৰৰ প্ৰাইভেটাইজেচন হৈছে। তালিকাত আছে এলআইচি।

১০. কোৰোণাৰ টিকাকৰণৰ ক্ষেত্ৰত ব্যয় বৃদ্ধি কৰা হ’ব পাৰে।
Published by: Sanjay Kumar Das
First published: February 1, 2021, 11:03 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি