Union Budget 2021: কেন্দ্ৰীয় বাজেটৰ কাউণ্ট ডাউন আৰম্ভ, ১০টা পইণ্টত জানক বাজেটক লৈ প্ৰত্যাশা

১ ফেব্ৰুৱাৰীত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আগবঢ়াব কেন্দ্ৰীয় বাজেট।
১ ফেব্ৰুৱাৰীত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আগবঢ়াব কেন্দ্ৰীয় বাজেট।
- News18 Assam
- Last Updated: January 15, 2021, 12:51 PM IST
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ আগন্তুক বাজেটক লৈ সাধাৰণ ৰাইজৰ মনত এইসমূহ আশাঃ
১. বৰ্তমান ইনকাম টেক্স এক্ট 80 CCEৰ অধীনত চেকচন 80C, 80CCC और 80CCD(1)ৰ অধীনত এবছৰত মুঠ ১.৫০লাখ টকাৰ আমদানিত ৰেহাই পোৱা যায়, এইটো বৃদ্ধি কৰি ২.৫লাখ টকা কৰাৰ আশা কৰা হৈছে।
৩. নেচনেল পেন্সন চিষ্টেমৰ(NPS) একাউণ্ট বন্ধ কৰিলে টকা উলিৱাওতে ৬০শতাংশ ধনৰাশিৰ ওপৰতহে টেক্স ৰেহাই দিয়া হয়। শেষ ৰাশিৰ পৰা এনপিএছ চাবস্ক্ৰাইবাৰে এনইউটি ক্ৰয় কৰিব লাগে। এনইউটি যেতিয়া ব্যক্তিয়ে লাভ কৰে তেতিয়া সেয়া টেক্সেবল হৈ যায়। মানুহে বিচাৰিছে যে NPSৰ পৰা টকা উলিয়ালে সম্পূৰ্ণ ধনৰাশি টেক্স ফ্ৰী কৰি দিয়া হওক।
৪. কোনোবা এখন বেলেগ দেশত টেক্স ডিডাকচনক টেক্সপেয়াৰৰ ইনকাম বুলি ধৰা হয়। ইনকাম টেক্স এক্টৰ চেকশ্যন ১৯৮ৰ অধীনত বিদেশত টেক্স কাটিলে সেয়া assesseeৰ গ্ৰছ ইনকাম বুজিব লাগে। এইবাৰৰ বাজেটত এই বিষয়টোত বিশেষ গুৰুত্ব দিয়াৰ আশা কৰা হৈছে।
৫. ডিভিডেণ্ট ডিচট্ৰিবিউশ্যন টেক্স (DDT) উঠাই ল’বলৈ সংশোধনীৰ প্ৰয়োজন। চেকশ্যন ২৪৩ৰ অধীনত কোনোবা টেক্সপেয়াৰে এডভান্স টেক্স দিবলগীয়া হ’লে তাত যদি বিলম্ব হয় বা কমকৈ টেক্স আদায় দিয়ে তেতিয়া টেক্সপেয়াৰে তাৰ ওপৰত সুত দিব লাগে।
৭. ইয়াৰ বাহিৰে বিত্ত বৰ্ষ ২০২১–২২ত বাজেটৰ পৰা চৰকাৰী বেংকৰ সংখ্যা কম কৰাৰ আশা কৰা হৈছে। বাজেটত পাব্লিক চেক্টৰ বেংকসমূহ মাৰ্জ কৰাৰ ঘোষণা হ’ব পাৰে।
৮. এক ফেব্ৰুৱাৰীত উত্থাপন হ’বলগীয়া বাজেটত vehicle scrappage policyৰ ঘোষণা হ’ব পাৰে। ইয়াৰ উদ্দেশ্য পুৰণি, প্ৰদূষণ বিয়পোৱা বাহনসমূহ প্ৰণালীৱদ্ধ প্ৰক্ৰিয়াৰে আঁতৰাই অট’মবাইলৰ চাহিদা বৃদ্ধিক উৎসাহ দিয়া।
৯. এই বাজেটত চৰকাৰে ৰেলৱেত নিজৰ বিনিয়োগ বৃদ্ধিক লৈ বিশেষ গুৰুত্ব কেন্দ্ৰ কৰিব পাৰে। ইয়াৰ বাহিৰে চৰকাৰে যাত্ৰীৰ সুৰক্ষাক লৈও বিশেষ ঘোষণা কৰিব পাৰে।
১০. দেশৰ ব্যৱসায়ী বৰ্গক তুলি ধৰিবল সাধাৰণ বাজেটত জিএছটি কৰ্তন আৰু কম সুতত লোন পোৱাৰ আশা কৰা হৈছে?