১ ফেব্ৰুৱাৰী ২০২০ত দাখিল কৰা হ’ব সাধাৰণ বাজেট, নিৰ্মলা সীতাৰমণে সলনি কৰিলে ১৫৯ বছৰীয়া এক পৰম্পৰা

News18 Assam | News18-Assam
Updated:January 8, 2020, 5:06 PM IST
১ ফেব্ৰুৱাৰী ২০২০ত দাখিল কৰা হ’ব সাধাৰণ বাজেট, নিৰ্মলা সীতাৰমণে সলনি কৰিলে ১৫৯ বছৰীয়া এক পৰম্পৰা
Source-Goggle

কেন্দ্ৰৰ মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ দ্বিতীয়খন সাধাৰণ বাজেট ১ ফেব্ৰুৱাৰী ২০২০ত দাখিল কৰিব। সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহলাদ যোশীয়ে বুধবাৰে এই কথা ঘোষণা কৰে।

  • Share this:
কেন্দ্ৰৰ মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ দ্বিতীয়খন সাধাৰণ বাজেট ১ ফেব্ৰুৱাৰী ২০২০ত দাখিল কৰিব। সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহলাদ যোশীয়ে বুধবাৰে এই কথা ঘোষণা কৰে। এইবাৰৰ বাজেটক লৈ সাধাৰণ জনতাৰ আছে বহু আশা। কিন্তু অৰ্থনৈতিক স্থৱিৰতাই চৰকাৰৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছে।

উল্লেখযোগ্য যে, মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন সাধাৰণ বাজেট দাখিল কৰাৰ আগত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পুৰণি ‘ব্ৰীফকেছ’ পৰম্পৰা সলনি কৰিছিল।

বিত্তমন্ত্ৰীৰ হাতত ৰঙা ৰঙৰ অশোক চিহ্ন থকা এখন কাপোৰ থাকে। সদায় বাজেটৰ কপি ব্ৰীফকেচত লৈ যোৱাৰ এক পৰম্পৰা আছিল। কিন্তু সীতাৰমণে এই পৰম্পৰা ভংগ কৰি বাজেটৰ কপি ৰঙা কাপোৰৰ মাজত ৰাখিছিল।



এনেদৰে প্ৰথমবাৰ ব্ৰীফকেচৰ ঠাইত ৰঙা ৰঙৰ কাপোৰত বাজেটৰ কপি অনা হয়। ইয়াৰ লগতে এই বাজেটক বহুতে বাজেট বুলি উল্লেখ নকৰি কৈছে ‘খাতা’ বুলি অভিহিত কৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি