শিক্ষাৰ পৰা স্বাস্থ্যলৈ, কৃষিৰ পৰা পৰ্যটনলৈ..., কি কি আছে সীতাৰমনৰ কেন্দ্ৰীয় বাজেটত?

News18 Assam | News18-Assam
Updated:February 1, 2020, 2:54 PM IST
শিক্ষাৰ পৰা স্বাস্থ্যলৈ, কৃষিৰ পৰা পৰ্যটনলৈ..., কি কি আছে সীতাৰমনৰ কেন্দ্ৰীয় বাজেটত?
২ ঘণ্টা ৪১ মিনিটজোৰা বাজেট ভাষণ পাঠ কৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে।

২ ঘণ্টা ৪১ মিনিটজোৰা বাজেট ভাষণ পাঠ কৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে।

  • Share this:
আজি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে সংসদত দাখিল কৰিলে সাধাৰণ বাজেট। শিক্ষাৰ, স্বাস্থ্যখণ্ড, পৰিবহণ, স্বাস্থ্য, কৃষি, পৰিৱেশ আদি বিভিন্ন বিষয়ে স্থান লাভ কৰে এইবাৰৰ বাজেটত। ২ ঘণ্টা ৪১ মিনিটজোৰা বাজেট ভাষণ পাঠ কৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে। বাজেটত ৰখা হৈছে কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ। চাও আহক কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে কি কি উল্লেখ কৰিলে বাজেটত।

>> GSTৰ বাবে জনসাধাৰণৰ জমা ৪ শতাংশ বৃদ্ধি পাইছে।
>> ২৮৪ আৰৱ ডলাৰ বিদেশী বিনিয়োগ আহিছে ভাৰতলৈ।

>> GSTৰ জৰিয়তে বছৰি গ্ৰাহকৰ ১ লাখ কোটি লাভ হৈছে।
>> ৫ বছৰত প্ৰত্যক্ষ বিদেশী বিনিয়োগ ২৮,৪০০ কোটি ডলাৰ হৈছে।
>> Aspirational India থীমত প্ৰস্তুত কৰা হৈছে এইবাৰৰ বাজেট।
>> ২০২০ চনৰ এপ্ৰিলৰ পৰা GSTৰ সহজ ৰূপ আহিব।

>> ৫ বছৰত মূল্যবৃদ্ধিৰ হাৰ ৪.৫ শতাংশ হৈছে।
>> ৫ বছৰত GDPৰ বৃদ্ধিৰ হাৰ গড়ে ৭.৪ শতাংশ।
>> ২৭.১ কোটি লোক দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ আহিছে।
>> ২০১৯ত চৰকাৰৰ ঋণ হ্ৰাস হৈ GDPৰ ৪৮.৭ শতাংশ হৈছে।
>> ২০২২ চনলৈ কৃষকৰ আয় দুগুণ কৰাৰ লক্ষ্য।
>> কৃষকৰ আয় বৃদ্ধি কৰাৰ বাবে ১৬টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
>> Sustainable Cropping Patternৰ ওপৰত কাম কৰি আছে চৰকাৰে।
>> ১০০ খৰাংপীড়িত জিলাৰ বিকাশক লৈ কাম হ’ব।
>> প্ৰধানমন্ত্ৰী কুসুম আঁচনিৰ জৰিয়তে ২০ লাখ কৃষকে লাভ কৰিব ছ’লাৰ পাম্প।
>> ৬.১১ কোটি কৃষকৰ বাবে বীমা যোজনা।
>> কিষাণ ক্ৰেডিটৰ বাবে ১৫ লাখ কোটিৰ লক্ষ্য নিৰ্ধাৰণ বাজেটত।
>> NABARD ৰি–ফাইনেন্সিং আঁচনিৰ সুবিধা বৃদ্ধি কৰা হ’ব।
>> NABARD ৰি–ফাইনেন্সিঙত অন্তৰ্ভুক্ত হ’ব NBFC আৰু কো–অপাৰেটিভ।
>> ২০২৫ চনলৈ দুগ্ধ উত্পাদন দুগুণ কৰাৰ লক্ষ্য।
>> মৎস্য পালনৰ বিকাশৰ বাবে নিৰ্ধাৰণ কৰা হ’ব ফ্ৰেমৱৰ্ক।
>> ২০২৩লৈ মৎস্য উৎপাদন ২ কোটি টন কৰাৰ লক্ষ্য।
>> পশুখাদ্যৰ বাবে MGNREGAৰ ব্যৱহাৰ কৰা হ’ব।
>> কৃষিৰ বাবে ২.৮৩ লাখ কোটি আবণ্টন।
>> গ্ৰামীণ বিকাশৰ বাবে ১.২৩ লাখ কোটি আবণ্টন।
>> ইন্দ্ৰধনুষ আঁচনিত বৃদ্ধি কৰা হ’ব। এই আঁচনিত সামৰি লোৱা হ’৸ব ১২টা নতুন বেমাৰক।
>> Tier-II & III চহৰত আয়ুষ্মান আঁচনিৰ জৰিয়তে PPP ম’ডেলৰ জৰিয়তে নতুন হাস্পতাল খোলা হ’ব।
>> নেচনেল পুলিচ, ফৰেনছিক বিশ্ববিদ্যালয় খোলাৰ সিদ্ধান্ত বাজেটত।
>> মেডিকেল কলেজক সংলগ্ন কৰা হ’ব জিলা হাস্পতালক।
>> শিক্ষা ক্ষেত্ৰৰ বাবে ৯৯,৩০০ কোটি টকা ধাৰ্য কৰাৰ প্ৰস্তাৱ বাজেটত।
>> দক্ষতা বিকাশৰ বাবে ৩০০০ কোটি আবণ্টন।
>> ২০২৩ চনলৈ দিল্লী–মুম্বাই এক্সপ্ৰেছৱে’ সম্পূৰ্ণ হ’ব।
>> শীঘ্ৰে আৰম্ভ হ’ব চেন্নাই–বাংগালুৰু এক্সপ্ৰেছৱে’।
>> ২০০০ কিলোমিটাৰ উপকূলীয় পথ নিৰ্মাণৰ সিদ্ধান্ত।
>> নিৰ্মাণ কৰা হ’ব ৯০০০ কিলোমিটাৰ ইক’নমিক কৰিড’ৰ।
>> মুম্বাই–আহমেদাবাদৰ মাজত চলিব হাইস্পীড ৰে’ল।
>> ২০২৪ চনলৈ ১০০টা নতুন বিমানবন্দৰ নিৰ্মাণৰ পৰিকল্পনা।
>> দেশৰ ব্যক্তিগত খণ্ডৰ বাবে ডাটা চেণ্টাৰ নিৰ্মাণৰ বাবে শীঘ্ৰে লোৱা হ’ব পলিচী।
>> ২৭,০০০ কিলোমিটাৰ ৰে’ললাইন বৈদ্যুতিকৰণ।
>> ৰে’লৱেৰ ভূমিত সৰ্ববৃহৎ সৌৰশক্তি প্ৰকল্প স্থাপনৰ লক্ষ্য।
>> ২০২৪ চনলৈ উৰাণ আঁচনিৰ জৰিয়তে ১০০ নতুন বিমানবন্দৰ নিৰ্মাণ কৰা হ’ব।
>> জল জীৱন মিশ্যনৰ বাবে ৩.৬ লাখ কোটি টকা আবণ্টনত অনুমোদন।
>> পুষ্টি সম্বন্ধীয় কাৰ্যসূচীৰ বাবে ৩৫,৬০০ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
>> জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগৰ বাবে ৯,৫০০ কোটি টকা আবণ্টন।
>> STৰ বাবে ৫৩,৭০০ কোটি আৰু SC–OBCৰ বাবে ৮৫ হাজাৰ কোটি আগবঢ়োৱাৰ প্ৰস্তাৱ।
>> ভাৰতনেট কাৰ্যসূচীৰ বাবে ৬ হাজাৰ কোটি দিয়াৰ প্ৰস্তাৱ।
>> পৰিবহণ ব্যৱস্থাৰ আন্তঃগাঁথনিৰ বাবে ১.৭ লাখ কোটি টকা ধাৰ্য।
>> ১ লাখ গাঁও পঞ্চায়তত সংযোগ হ’ব অপ্টিকেল ফাইবাৰ।
>> ঝাৰখণ্ডত নিৰ্মাণ হ’ব ট্ৰাইবেল মিউজিয়াম।
>> পৰ্যটন ক্ষেত্ৰৰ উত্তৰণৰ কৰণে ২৫০০ কোটি টকা ধার্য।
>> প্ৰদূষণ নিয়ন্ত্ৰণৰ কাৰণে ৪৪০০ কোটি টকা ধার্য।
>> সংস্কৃত মন্ত্ৰণালয়ৰ কাৰণে ৩১৫০ কোটি টকা ধার্য।
>> ২০২২ চনত ভাৰতে আয়োজন কৰিব G-20ৰ, ইয়াৰ প্ৰস্তুতিৰ বাবে ১০০ কোটি টকা আবণ্টন।
>> জম্মু–কাশ্মীৰৰ বাবে ৩০,৭৫৭ কোটি আৰু লাডাখৰ বাবে ৫,৯৫৮ কোটি টকাৰ আবণ্টন।
>> বেংকত জমা ধনৰ ওপৰত বীমা ১ লাখৰ পৰা ৫ লাখ টকালৈ বৃদ্ধি কৰা হৈছে।
>> আয়কৰদাতালৈ বৃহৎ সকাহ। ৫ৰ পৰা ৭.৫ লাখলৈ ১০ শতাংশ কৰ ধাৰ্য।
>> ৭.৫ লাখৰ পৰা ১০ লাখলৈ ১৫ শতাংশ কৰ ধাৰ্য।
>> ১০ লাখৰ পৰা ১২.৫ লাখলৈ ২০ শতাংশ।
>> ১২.৫ৰ পৰা ১৫ লাখলৈ ২৫ শতাংশ।
>> ১৫ লাখতকৈ অধিক আয়ত দিব লাগিব ৩০ শতাংশ কৰ।
>> LICৰ বৃহৎ অংশ বিক্ৰী কৰিব চৰকাৰে।
>> পাঁচখন প্ৰত্নতাত্ত্বিক স্থানৰ উন্নয়নত গুৰুত্ব প্ৰদান কৰিব চৰকাৰে। তাৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে শিৱসাগৰ জিলা।
আৰু চাওক
পৰৱৰ্তী বাতৰি