ক্ষুদ্ৰ ব্যৱসায়ীয়ে লাভ কৰিব পেঞ্চন, ৫৬ মিনিটতে ঋণ মঞ্জুৰি

৩ কোটিতকৈ অধিক ক্ষুদ্ৰ ব্যৱসায়ীয়ে পাব পেঞ্চনৰ সুবিধা।

News18-Assam
Updated:July 5, 2019, 12:26 PM IST
ক্ষুদ্ৰ ব্যৱসায়ীয়ে লাভ কৰিব পেঞ্চন, ৫৬ মিনিটতে ঋণ মঞ্জুৰি
৩ কোটিতকৈ অধিক ক্ষুদ্ৰ ব্যৱসায়ীয়ে পাব পেঞ্চনৰ সুবিধা।
News18-Assam
Updated: July 5, 2019, 12:26 PM IST
বাজেটত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বাবে ৫৯ মিনিটত ঋণৰ মঞ্জুৰি দিয়া হ’ব বুলি উল্লেখ কৰে। এনিমেচন কোম্পানীৰ ক্ষেত্ৰত FDI বৃদ্ধি হ’ব। ক্ষুদ্ৰ ব্যৱসায়ীক প্ৰদান কৰা হ’ব পেঞ্চন। ৩ কোটিতকৈ অধিক ক্ষুদ্ৰ ব্যৱসায়ীয়ে পাব পেঞ্চনৰ সুবিধা। গাঁও, কৃষক আৰু দৰিদ্ৰ আমাৰ চৰকাৰৰ কেন্দ্ৰবিন্দু বুলি বাজেট ভাষণত উল্লেখ সীতাৰমনৰ।

২০২২ চনলৈ সকলো গাঁৱলৈ বিদ্যুৎ যোগানৰ লক্ষ্য লৈছে চৰকাৰে। উজ্জ্বলা আঁচনি আৰু সৌভাগ্য আঁচনিৰ জৰিয়তে পৰিৱৰ্তনৰ অনাৰ লক্ষ্য। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে সকলো দৰিদ্ৰ পৰিয়াললৈ ঘৰ প্ৰদানৰ লক্ষ্য। পানীৰ বাবে গঠন কৰা হৈছে জলশক্তি মন্ত্ৰণালয়। সকলো পৰিয়াললৈ বিশুদ্ধ খোৱাপানী যোগানৰ লক্ষ্য স্থিৰ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ১.৯৫ কোটি দৰিদ্ৰ পৰিয়ালক ঘৰ দিয়া হ’ব বুলিও বাজেটত উল্লেখ।
আৰু চাওক পৰৱৰ্তী বাতৰি