বেংক একাউণ্টৰ পৰা এটা বছৰত ১ কোটিতকৈ অধিক ধন উলিয়ালে লাগিব ২ লাখৰ TDS

বাজেটত ঘোষণা কৰা হৈছে যে যদি কোনো লোকে এটা বছৰত বেংক একাউণ্টৰ পৰা ১ কোটিতকৈ অধিক ধন উলিয়ালে ২ শতাংশৰ TDS বলবৎ হ’ব।

News18-Assam
Updated:July 5, 2019, 6:49 PM IST
বেংক একাউণ্টৰ পৰা এটা বছৰত ১ কোটিতকৈ অধিক ধন উলিয়ালে লাগিব ২ লাখৰ TDS
বাজেটত ঘোষণা কৰা হৈছে যে যদি কোনো লোকে এটা বছৰত বেংক একাউণ্টৰ পৰা ১ কোটিতকৈ অধিক ধন উলিয়ালে ২ শতাংশৰ TDS বলবৎ হ’ব।
News18-Assam
Updated: July 5, 2019, 6:49 PM IST
শুকুৰবাৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বিত্তীয় বৰ্ষ ২০১৯–২০ৰ সাধাৰণ বাজেট দাখিল কৰে। বাজেটৰ ভাষণৰ সময়তে বিত্ত মন্ত্ৰীগৰাকীয়ে ক’লে যে যদি কোনো লোকে এটা বছৰত ১ কোটিতকৈ অধিক ধন উলিয়াই তেন্তে ২ শতাংশৰ TDS বলবৎ কৰা হ’ব। অৰ্থাৎ বছৰত ১ কোটিতকৈ অধিক ধন উলিয়ালে ২ লাখ টকাৰ কৰ পৰিশোধ কৰিব লাগিব।

ইফালে টেক্স শ্লেবৰ ক্ষেত্ৰত কোনোধৰণৰ সালসলনি কৰা নহ’ল, অৰ্থাৎ ৫ লাখ টকাৰ উপাৰ্জন নালাগিব কৰ। বছৰি ৫ লাখ টকা উপাৰ্জন কৰা চাকৰিয়ালেও দিব নালাগিব কৰ। আনহাতে, ৫ লাখতকৈ অধিক উপাৰ্জন কৰা লোকসকলে পুৰণি ব্যৱস্থা অনুসৰিয়েই ভৰিব লাগিব কৰ।

Surcharge বৃদ্ধি

বিত্ত মন্ত্ৰীগৰাকীয়ে ২ৰ পৰা ৫ কোটি টকা আয়ত Surcharge ৩ শতাংশ আৰু ৫ কোটিতকৈ অধিক আয়ত Surcharge বলবৎ কৰা হৈছে ৭ শতাংশ।
আৰু চাওক পৰৱৰ্তী বাতৰি