পুৰণি পৰম্পৰা ভংগ কৰিলে নিৰ্মলা সীতাৰমনে, ব্ৰীফকেছৰ সলনি ৰঙা মোনাত বাজেট লৈ যাব বিত্ত মন্ত্ৰীয়ে

কেন্দ্ৰীয় বাজেটৰ নামো সলনি হ’ল। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে নিজৰ বাজেট ভাষণত ‘দেশ কা বহীখাতা’ বুলি উল্লেখ কৰিব এইবাৰৰ বাজেটক।

News18-Assam
Updated:July 5, 2019, 10:31 AM IST
পুৰণি পৰম্পৰা ভংগ কৰিলে নিৰ্মলা সীতাৰমনে, ব্ৰীফকেছৰ সলনি ৰঙা মোনাত বাজেট লৈ যাব বিত্ত মন্ত্ৰীয়ে
কেন্দ্ৰীয় বাজেটৰ নামো সলনি হ’ল। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে নিজৰ বাজেট ভাষণত ‘দেশ কা বহীখাতা’ বুলি উল্লেখ কৰিব এইবাৰৰ বাজেটক।
News18-Assam
Updated: July 5, 2019, 10:31 AM IST
ভাৰতত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা বিত্ত মন্ত্ৰীয়ে সদনত দাখিল কৰিব সাধাৰণ বাজেট। বাজেটত বহু পৰিৱৰ্তন পৰিলক্ষিত হ’ব বুলি আশা কৰা হৈছে। ইয়াৰ আৰম্ভণি বাজেট দাখিল কৰা ব্ৰীফকেছৰ পৰাই দেখা গৈছে। বছৰ বছৰ ধৰি বাজেটৰ বাবে ব্যৱহাৰ কৰা হৈছে বিশেষ ব্ৰীফকেছ। কিন্তু আজি যেতিয়া নিৰ্মলা সীতাৰমনে বাজেট লৈ ওলাল তেতিয়া তেওঁৰ হাতত দেখা নগ’ল বিশেষ ব্ৰীফকেছ। সীতাৰমনৰ হাতত দেখা গ’ল ব্ৰীফকেছৰ সলনি এটা ৰঙা ৰঙৰ বেগ।

কিয় সলনি হ’ল ব্ৰীফকেছৰ পৰম্পৰা
সৰকাৰে বিশ্বাস কৰে যে এয়া পাশ্চাত্য সংস্কৃতিৰ পৰা বাহিৰলৈ আহি দেশৰ পুৰণি পৰম্পৰাৰ সৈতে সংযোগৰ আৰম্ভণি। ৰঙা ৰঙৰ মোনা ভাৰতীয় পৰম্পৰা অনুসৰি শুভ প্ৰতীক।

সলনি হ’ল বাজেটৰ নাম
কেন্দ্ৰীয় বাজেটৰ নামো সলনি হ’ল। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে নিজৰ বাজেট ভাষণত ‘দেশ কা বহীখাতা’ বুলি উল্লেখ কৰিব এইবাৰৰ বাজেটক।
আৰু চাওক পৰৱৰ্তী বাতৰি