ৰে’লৱেৰ বিকাশৰ বাবে বাজেটত গুৰুত্ব, পানী আৰু গেছৰ বাবে হ’ব ৰাষ্ট্ৰীয় গ্ৰীড

ৰে’লৱেৰ বিকাশৰ বাবে PPP মডেলৰ ব্যৱস্থা কৰা হ’ব। ইয়াৰ বাবে ৫০ লাখ কোটি বিনিয়োগৰ প্ৰয়োজন বুলিও মন্তব্য কৰে বিত্ত মন্ত্ৰীয়ে।

news18assam
Updated:July 5, 2019, 12:18 PM IST
ৰে’লৱেৰ বিকাশৰ বাবে বাজেটত গুৰুত্ব, পানী আৰু গেছৰ বাবে হ’ব ৰাষ্ট্ৰীয় গ্ৰীড
ৰে’লৱেৰ বিকাশৰ বাবে PPP মডেলৰ ব্যৱস্থা কৰা হ’ব। ইয়াৰ বাবে ৫০ লাখ কোটি বিনিয়োগৰ প্ৰয়োজন বুলিও মন্তব্য কৰে বিত্ত মন্ত্ৰীয়ে।
news18assam
Updated: July 5, 2019, 12:18 PM IST
ভাৰতৰ প্ৰথমগৰাকী মহিলা বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিছে ২০১৯ বৰ্ষৰ সাধাৰণ বাজেট। বাজেটত বিত্ত মন্ত্ৰীয়ে উল্লেখ কৰে যে দেশত ৬৫৭ কিলোমিটাৰ মেট্ৰ’ সেৱা আৰম্ভ কৰা হৈছে আৰু ৩০০ কিলোমিটাৰ নতুন মেট্ৰ’ প্ৰকল্পত অনুমোদন জনোৱা হৈছে। দেশৰ ভিতৰত জলপথ আৰম্ভ কৰাৰ পৰিকল্পনা লৈছে চৰকাৰে। ইলেকট্ৰনিক বাহনক গুৰুত্ব প্ৰদান বাজেটত। ৰিফৰ্ম, পাৰফৰ্ম আৰু ট্ৰান্সফৰ্মত গুৰুত্ব সাধাৰণ বাজেটত। ৱান নেশ্যন, ৱান গ্ৰীড’ৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰা হৈছে বুলিও বাজেট ভাষণত উল্লেখ কৰে সীতাৰমনে।

ৰে’লৱেত ব্যক্তিগত অংশীদাৰিত্বত গুৰুত্ব প্ৰদান কৰা হৈছে বাজেটত। ৰে’লৱেৰ বিকাশৰ বাবে PPP মডেলৰ ব্যৱস্থা কৰা হ’ব। ইয়াৰ বাবে ৫০ লাখ কোটি বিনিয়োগৰ প্ৰয়োজন বুলিও মন্তব্য কৰে বিত্ত মন্ত্ৰীয়ে। পানী আৰু গেছৰ বাবে হ’ব ৰাষ্ট্ৰীয় গ্ৰীড।

নেচনেল ট্ৰান্সপ’ৰ্ট কাৰ্ডৰ ঘোষণা বাজেটত। ৰে’লৱে আৰু বাছত ব্যৱহাৰ কৰা হ’ব এই কাৰ্ড। RuPay কাৰ্ডৰ সহায়ত চলাব পাৰিব নেচনেল ট্ৰান্সপ’ৰ্ট কাৰ্ড। বীমা ক্ষেত্ৰত ১০০ শতাংশ FDIত গুৰুত্ব বাজেটত।
আৰু চাওক পৰৱৰ্তী বাতৰি