জন ধন একাউণ্ট থকা মহিলাৰ বাবে বাজেট ডাঙৰ ঘোষণা, কি সুবিধা দিব চৰকাৰে?

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে লোকসভাত ‘নাৰী টু নাৰায়ণী’ শ্ল’গান দিয়ে। তেওঁ কয় যে স্বামী বিবেকানন্দই কৈছিল যে মহিলাসকলৰ বিকাশৰ অবিহনে কোনো দেশৰ বিকাশ নহয়।

News18-Assam
Updated:July 5, 2019, 12:51 PM IST
জন ধন একাউণ্ট থকা মহিলাৰ বাবে বাজেট ডাঙৰ ঘোষণা, কি সুবিধা দিব চৰকাৰে?
বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে লোকসভাত ‘নাৰী টু নাৰায়ণী’ শ্ল’গান দিয়ে। তেওঁ কয় যে স্বামী বিবেকানন্দই কৈছিল যে মহিলাসকলৰ বিকাশৰ অবিহনে কোনো দেশৰ বিকাশ নহয়।
News18-Assam
Updated: July 5, 2019, 12:51 PM IST
বাজেটত বিত্ত মন্ত্ৰীয়ে উল্লেখ কৰে যে ২০১৪ চনৰ পিছত ৯.৬ কোটি শৌচালয় নিৰ্মাণ কৰা হৈছে। ৫.৬ লাখ গাঁও মুক্ত শৌচালয়ৰ পৰা মুক্ত হৈছে। স্বচ্ছ ভাৰত অভিযানৰ সম্প্ৰসাৰণৰ বাবে চৰকাৰ প্ৰতিজ্ঞাবদ্ধ। এতিয়ালৈ ২ কোটি লোকক ডিজিটেলী স্বাক্ষৰ কৰি তোলা হৈছে।

সীতাৰমনে কয় – চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হৈছে যে আমি নতুন শিক্ষা নীতি আনিম। শিক্ষা নীতিৰ ওপৰত ৰাষ্ট্ৰীয় অনুসন্ধান প্ৰতিষ্ঠান স্থাপনৰো ঘোষণা কৰা হৈছে। উচ্চ শিক্ষা প্ৰতিষ্ঠানলৈ ৪০০ কোটি টকাৰ সাহায্য প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে। বিদেশী ছাত্ৰৰ বাবে ‘ষ্টাডী ইন ইণ্ডিয়া’ প্ৰ’গ্ৰামৰ ব্যৱস্থা কৰা হ’ব।

প্ৰবাসী ভাৰতীয়ৰ বাবে বিনিয়োগৰ পথ সহজসাধ্য কৰাৰ চেষ্টা চলাইছে চৰকাৰে। ইয়াৰ বাবে ফৰেইন প’ৰ্টফলিঅ’ ইনভেষ্টমেণ্টৰ সৈতে ইয়াক সংলগ্ন কৰা হ’ব।

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে লোকসভাত ‘নাৰী টু নাৰায়ণী’ শ্ল’গান দিয়ে। তেওঁ কয় যে স্বামী বিবেকানন্দই কৈছিল যে মহিলাসকলৰ বিকাশৰ অবিহনে কোনো দেশৰ বিকাশ নহয়। সেইবাবে নাৰী সবলীকৰণৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিছো।

বিত্ত মন্ত্ৰীয়ে ঘোষণা কৰে যে জন ধন একাউণ্টধাৰী মহিলাক ৫০০০ টকাৰ অভাৰড্ৰাফ্টৰ সুবিধা প্ৰদান কৰা হ’ব। মহিলাৰ বাবে পৃথকে এক লাখ টকাৰ মুদ্ৰা লোণৰ ব্যৱস্থা কৰা হ’ব।

বিদেশত থকা ভাৰতীয় মহিলাৰ বাবেও চৰকাৰৰ বৃহৎ ঘোষণা। এতিয়া NRIক ভাৰতলৈ আহিলেই আধাৰ কাৰ্ড প্ৰদানৰ সুবিধা পাব। লগতে এতিয়া তেওঁলোকে ১৮০ দিনলৈ ভাৰতত থকাৰ প্ৰয়োজন নাথাকিব।
আৰু চাওক পৰৱৰ্তী বাতৰি