• Home
  • »
  • News
  • »
  • nation
  • »
  • ২০২০ বৰ্ষত চাকৰিৰ অভাৱত দেশত সৰ্বাধিক আত্মহত্যাৰ ঘটনা; Covid সৃষ্ট পৰিৱেশৰ বাবে হৈছিল চাকৰিৰ নাটনি 

২০২০ বৰ্ষত চাকৰিৰ অভাৱত দেশত সৰ্বাধিক আত্মহত্যাৰ ঘটনা; Covid সৃষ্ট পৰিৱেশৰ বাবে হৈছিল চাকৰিৰ নাটনি 

কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে সদৰি কৰা তথ্য অনুসৰি, ২০২০ চনত চাকৰিকেন্দ্ৰিক আত্মহত্যাৰ সংখ্যা ৩,৫৪৮ হোৱাৰ বিপৰীতে ২০১৯ আৰু ২০১৮ বর্ষত এই সংখ্যা ক্ৰমে ২৮৫১ আৰু ২৭৪১ আছিল।

  • Share this:
২০২০ বর্ষত Covid মহামৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত  সমগ্ৰ দেশতে জাৰি কৰা হৈছিল তলাবন্ধ। তৎক্ষণাত শূন্য হৈ পৰিছিল অৰ্থনৈতিক কাম কাজ । যাৰ ফলত লক্ষ লক্ষ লোকে চাকৰি হেৰুৱাইছিল বা চাকৰি বিচাৰি হাবাথুৰি খাইছিল । সেই বর্ষতে দেশত জীৱিকা হেৰুৱাই আত্মহত্যা কৰিছিল ৩,৫৪৮জনে । এটা বর্ষত চাকৰিৰ কাৰণে আত্মহনন কৰা লোকৰ ঘটনা এইয়াই সৰ্বাধিক। উল্লেখযোগ্য যে, ২০১৮ৰ পৰা ২০২০ বৰ্ষলৈ চাকৰিকেন্দ্ৰিক আত্মহত্যাৰ সংখ্যা ৯১৪০জন। আনহাতে দেউলিয়া হৈ আৰু ঋণত পোত গৈ আত্মহত্যা কৰা লোকৰ সংখ্যা ১৬০০০। বুধবাৰে ৰাজ্যসভাৰ চলিত অধিৱেশনত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সদৰি কৰে এই তথ্য।

কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে সদৰি কৰা তথ্য অনুসৰি, ২০২০ চনত চাকৰিকেন্দ্ৰিক আত্মহত্যাৰ সংখ্যা ৩,৫৪৮ হোৱাৰ বিপৰীতে ২০১৯ আৰু ২০১৮ বর্ষত এই সংখ্যা ক্ৰমে ২৮৫১ আৰু ২৭৪১ আছিল। আনহাতে ২০২০ বর্ষত দেউলিয়া আৰু ঋণ গ্ৰস্ত হৈ আত্মহত্যা কৰিছে ৫২১৩জন লোকে। ২০১৯ চনত এই সংখ্যা আছিল ৫৯০৮ আৰু ২০১৮ত হৈছিলগৈ ৪৯৭০ ।

সমাজবাদী পাৰ্টীৰ সাংসদ সুখৰাম সিং যাদৱৰ প্ৰশ্নটোৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে দেশত নিবনুৱা সমস্যা সমাধানৰ চৰকাৰে লোৱা পদক্ষেপ সমূহ সদৰি কৰে। তেওঁ কয় আত্মনির্ভৰ ভাৰত ৰ’জগাৰ যোজনাকে ধৰি চাকৰি সৃষ্টি আৰু পুনৰ সংস্থাপনৰ কাৰণে  চৰকাৰে বিভিন্ন আঁচনি মুকলি কৰিছে ।
Published by:Himangshu Bhuyan
First published: