உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Crime: সম্পত্তিৰ ভাগ নাপাব বুলি পিতৃ–মাতৃক হত্যা কৰিলে বেকাৰ পুত্ৰই, সংগ দিলে পত্নী আৰু পুত্ৰই!

    Crime: সম্পত্তিৰ ভাগ নাপাব বুলি পিতৃ–মাতৃক হত্যা কৰিলে বেকাৰ পুত্ৰই, সংগ দিলে পত্নী আৰু পুত্ৰই!

    মৃত পিতৃৰ নাম ব্ৰজ কিশোৰ প্ৰসাদ সিং, তেওঁ স্কুলৰ প্ৰাক্তন শিক্ষক আছিল। মাতৃৰ নাম কমললতা দেৱী।

    মৃত পিতৃৰ নাম ব্ৰজ কিশোৰ প্ৰসাদ সিং, তেওঁ স্কুলৰ প্ৰাক্তন শিক্ষক আছিল। মাতৃৰ নাম কমললতা দেৱী।

    মৃত পিতৃৰ নাম ব্ৰজ কিশোৰ প্ৰসাদ সিং, তেওঁ স্কুলৰ প্ৰাক্তন শিক্ষক আছিল। মাতৃৰ নাম কমললতা দেৱী।

    • Share this:


    ৭০ বছৰীয়া অৱসৰপ্ৰাপ্ত শিক্ষক পিতৃ আৰু ৬৮ বছৰীয়া মাতৃক হত্যা কৰিলে ৫০ বছৰীয়া পুত্ৰই। পিতৃ–মাতৃয়ে পুত্ৰক সম্পত্তিৰ ভাগ আৰু আৰ্থিক সাহায্য কৰিবলৈ বাধা দিয়াৰ ফলতে তেওঁলোকক হত্যা কৰে পুত্ৰই। ঘটনাটো সংঘটিত হৈছে বৃহস্পতিবাৰে পাটনাৰ ৰামকৃষ্ণনগৰ আৰক্ষী থানাৰ সমীপৰ শিৱাজী চ’ক অঞ্চলত। জানিব পৰা মতে, পিতৃ–মাতৃক হত্যা কৰাত সহায় কৰিছিল অভিযুক্তৰ পত্নী আৰু পুত্ৰই।

    আৰক্ষীৰ সূত্ৰ অনুসৰি, মৃত পিতৃৰ নাম ব্ৰজ কিশোৰ প্ৰসাদ সিং, তেওঁ স্কুলৰ প্ৰাক্তন শিক্ষক আছিল। মাতৃৰ নাম কমললতা দেৱী। অৱসৰ গ্ৰহণৰ পিছত তেওঁলোকে সপৰিয়ালে শিৱাজী চ’কত এটা তিনি মহলীয়া ঘৰ কিনি থাকিবলৈ আৰম্ভ কৰে। পুত্ৰ ৰাজন কুমাৰৰ সৈতে সমগ্ৰ সম্পৰ্ক চ্ছেদ কৰে তেওঁলোকে। জনাই দিছিল যে কোনো ধৰণৰ অৰ্থসাহায্য বা সম্পত্তিৰ ভাগ নিদিয়ে। তাৰ পিছতে পিতৃ–মাতৃক হত্যা কৰাৰ পৰিকল্পনা কৰে পুত্ৰই।

    নিজৰ ৪৫ বছৰীয়া পত্নী সঞ্জু কুমাৰী আৰু পুত্ৰ ২০ বছৰীয়া অবিনাশ কুমাৰৰ সহযোগত পিতৃ–মাতৃক হত্যা কৰে ৰাজনে। হত্যা কৰাৰ পিছতে তেওঁলোকে আৰক্ষীক খবৰ দিছিল। তেওঁলোকে জনাইছিল, কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হৈছে পিতৃ–মাতৃ। কিন্তু মৃতদেহত আঘাতৰ চিন থকাত আৰক্ষীৰ সন্দেহ হয়। তিনিও মিলি মৃতদেহ দুটা সৎকাৰৰ বাবে লৈ যোৱাৰো ব্যৱস্থা কৰিছিল। অবিনাশৰ নখত তেজৰ দাগ আছিল। তাৰ পৰাই আৰক্ষীয়ে নিশ্চিত হয় যে এয়া এক হত্যাকাণ্ড।

    শুকুৰবাৰে তিনিওকে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰক্ষীৰ জেৰাত ৰাজনে নিজৰ অপৰাধ স্বীকাৰ কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি, পূৰ্বেও এবাৰ পিতৃক হত্যাৰ চেষ্টা চলাইছিল পুত্ৰই।

    Published by:Sanjay Kumar Das
    First published: