তিনি মাহত অধিক সময় পিঠিত এক বেগ-কিতাপ আৰু মুখত এমোকোৰা হাঁহি লৈ মেডিকেল কলেজৰ কেণ্টিন, শ্ৰেণীকোঠা ঘূৰি ফুৰিছিল এগৰাকী মৃদুভাষী যুৱতীয়ে। নাৰ্ছিং প্ৰথম বৰ্ষৰ ছাত্ৰী বুলি নিজকে পৰিচয় দিয়া সুন্দৰী যুৱতীগৰাকী বন্ধুত্ব গঢ়াত পাকৈত। ছাত্ৰ-ছাত্ৰী, জ্যেষ্ঠ–কনিষ্ঠ সকলোৰে মাজত বন্ধুত্ব গঢ়ি গৈ আছে। কিন্তু কিয়?
এই সুন্দৰী যুৱতীগৰাকী শিক্ষাৰ্থীৰ বেশত আৰক্ষী – Undercover Cop; নাম শালিনী চৌহান। ইন্দোৰৰ সনযোগিতাগঞ্জ পুলিচ ষ্টেচনত কনিষ্টবল হিচাপে কৰ্মৰত। ইন্দোৰৰ এমজিএম মেডিকেল কলেজৰ এটা ভয়ানক ৰেগিং কাণ্ডৰ তদন্ত কৰিবলৈ এনেদৰে শিক্ষাৰ্থীৰ বেশ ধৰিছিল ২৪ বছৰীয়া শালিনীয়ে। গোচৰ ৰুজু হোৱাৰ বহুদিনৰ পিছতো আৰক্ষীয়ে কোনো ক্লু উলিয়াবলৈ সক্ষম হোৱা নাছিল – এক প্ৰকাৰৰ Blind Case। কিন্তু শালিনীয়ে নিজৰ বুদ্ধিমত্তা আৰু চোৰাংচোৱাৰ কৌশল ব্যৱহাৰ কৰি ১১জন অভিযুক্ত জ্যেষ্ঠ ছাত্ৰক চিনাক্ত কৰিবলৈ সক্ষম হৈছিল।
বাণিজ্যৰ স্নাতক কনিষ্টবলগৰাকীয়ে শিক্ষাৰ্থীৰে অনায়াসে কথোপকথনত লিপ্ত হ’বলৈ বুনিয়াদী চিকিৎসা বিজ্ঞানৰ এটি–দুটি কথাও আয়ত্ত কৰি লৈছিল। প্ৰতিদিনে ৫/৬ ঘণ্টা কলেজত অতিবাহিত কৰি জ্যেষ্ঠ শিক্ষাৰ্থীৰে বন্ধুত্ব গঢ়িছিল। কেণ্টিনত বহি সন্দেহযুক্ত ছাত্রৰ আচৰণ নিৰীক্ষণ কৰিছিল; ৰেহ-ৰূপ চাইছিল।
সংবাদ মাধ্যমৰ সন্মুখত শালিনীয়ে সদৰী কৰা মতে, গোটেই কামটো জটিল আছিল। কনিষ্ঠ ছাত্ৰই ভীতিগ্ৰস্ত হৈ থাকে আৰু ৰেগিঙৰ সন্দৰ্ভত একো কথা ক’ব নিবিচাৰে। জ্যেষ্ঠ ছাত্ৰবোৰ বিৰাট চতুৰ আৰু সহজে সন্মুখৰজনৰ কথা-পতাৰ উদ্দেশ্য উদ্ঘাটন কৰিব পাৰে। তেনেস্থলত কনিষ্ঠ, জ্যেষ্ঠ দুয়োৰে বিশ্বাস জয় কৰি মনৰ কথা উলিয়াই আনিবলৈ সক্ষম হৈছিল কনিষ্টবলগৰাকী।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : December 12, 2022, 14:26 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।