কোৰোণা ভাইৰাছৰ বাবে গভীৰ অনিশ্চয়তাত ঘৰুৱা ক্ৰিকেট ছিজন। কোভিড–১৯ৰ বাবে বিগত পাঁচ মাহ ধৰি দেশত বন্ধ হৈ আছে সকলো প্ৰকাৰৰ ক্ৰিকেট খেল আৰু প্ৰতিযোগিতা। তেনেস্থলত পৰিস্থিতি কিছু নিয়ন্ত্ৰণ হ’লে চলিত ছিজনৰ চাৰিদিনীয়া ৰঞ্জী ট্ৰফী আৰু ছৈয়দ মুস্তাক আলী টী-২০ ক্ৰিকেট প্ৰতিযোগিতা অনুুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু কোৰোণা ভাইৰাছৰ ভয়াৱহতা বা সংক্ৰমণৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে পুনৰবাৰ গভীৰ অনিশ্চয়তালৈ গতি কৰিছে বিচিচিআইৰ দুযোখন প্ৰতিযোগিতা।
ভাৰতবৰ্ষত কোৰোণাৰ পৰিস্থিতি উন্নত নোহোৱাৰ বাবে ক্ৰিকেট ব’ৰ্ডে ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ কৰাৰ বিষয়টোত চূড়ান্ত সিদ্ধান্ত ল’ব পৰা নাই। বিচিচিআইৰ সূত্ৰৰ পৰা জানিব পৰা মতে, প্ৰতিযোগিতা আৰম্ভ কৰা বিষয়টোৰ ওপৰত ব’ৰ্ডত অনানুষ্ঠানিক আলোচনা হৈছে যদিও তেওঁলোকে কোনো সিদ্ধান্তত উপনীত হ’ব পৰা নাই।
এইক্ষেত্ৰত দেশৰ বিভিন্ন ৰাজ্যিক ক্ৰিকেট সন্থাৰ সৈতেও বিচিচিআয়ে আলোচনা চলাই আছে। ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ব’ৰ্ডে ৰাজ্যিক সন্থা সমূহৰো অনুমোদন ল’ব। জুলাই মাহত ব’ৰ্ডৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে বিভিন্ন ৰাজ্যিক ক্ৰিকেট সন্থালৈ প্ৰেৰণ কৰা বাৰ্তাত উল্লেখ কৰিছিল যে কাৰো ক্ষতি নোহোৱাকৈ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ চিন্তা চৰ্চা কৰি আছে। কিন্তু দেশত কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পোৱাত পুনৰ চিন্তিত হৈছে ব’ৰ্ডৰ কৰ্মকৰ্তা। ইতিমধ্যে দেশৰ বাহিৰত ইউনাইটেড আৰব এমিৰেটছত এইবাৰ ১৯ ছেপ্টেম্বৰৰ পৰা আই পি এল অনুষ্ঠিত হ’ব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|