হেলিকপ্টাৰত বিসংগতিৰ বাবে নিজে মেকানিক হ’ল ৰাহুল গান্ধী, সহায় কৰিলে পাইলটক

হেলিকপ্টাৰৰ দুৱাৰৰ ৰবৰ ওলাই গৈছিল, যাৰ ফলত দুৱাৰ বন্ধ কৰাত কিছু সমস্যাই দেখা দিছিল। পাইলটসহ খোদ ৰাহুলে দুৱাৰ বন্ধ কৰিলে।

Dulu Medhi | news18assam
Updated:May 11, 2019, 3:01 PM IST
হেলিকপ্টাৰত বিসংগতিৰ বাবে নিজে মেকানিক হ’ল ৰাহুল গান্ধী, সহায় কৰিলে পাইলটক
হেলিকপ্টাৰৰ দুৱাৰৰ ৰবৰ ওলাই গৈছিল, যাৰ ফলত দুৱাৰ বন্ধ কৰাত কিছু সমস্যাই দেখা দিছিল। পাইলটসহ খোদ ৰাহুলে দুৱাৰ বন্ধ কৰিলে।
Dulu Medhi | news18assam
Updated: May 11, 2019, 3:01 PM IST
কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে শুকুৰবাৰে ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনত হিমাচল প্ৰদেশৰ উনাত উপস্থিত হয়। উনাৰ চলোহ গ্ৰাউণ্ডত থিয় হৈ থকা হেলিকপ্তাৰত বিসংগতিয়ে দেখা দিলে। তাৰ পিছত ৰাহুল গান্ধীয়ে নিজে গৈ পাইলটৰ কাষত উপস্থিত হয় আৰু দুৱাৰখন ধৰি ৰাখিলে। যাতে পাইলটে মেৰামতি কৰিব পাৰে দুৱাৰখন। হেলিকপ্টাৰৰ দুৱাৰৰ ৰবৰ ওলাই গৈছিল, যাৰ ফলত দুৱাৰ বন্ধ কৰাত কিছু সমস্যাই দেখা দিছিল। পাইলটসহ ৰাহুলে নিজে দুৱাৰখন বন্ধ কৰিলে, তাৰ পিছত তেওঁক পাইলটে বহিবলৈ আমন্ত্ৰণ জনায়।

কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে শুকুৰবাৰে হিমাচল প্ৰদেশৰ উনাত উপস্থিত হয়। যেতিয়া তেওঁৰ হেলিকপ্টাৰ উনাত অৱতৰণ কৰে তেওঁ পাইলটক ক’লে যে, হেলিকপ্টাৰৰ দুৱাৰত কিছু সমস্যাৰ সৃষ্টি হৈছে। এইখিনি কথা শুনাৰ লগে লগে পাইলটে তৎপৰতাৰে হেলিকপ্টাৰৰ দুৱাৰৰ কাম ঠিক কৰিব লাগি গ’ল। পাইলটে দুৱাৰ ঠিক কৰা দেখি ৰাহুল গান্ধীয়েও পাইলটৰ সহায় কৰিবলৈ হাতে–কামে লাগি গ’ল। ইয়াৰ মাজতে দলটোৰ এজন সদস্যই ফেচবুকত লাইভ কৰা আৰম্ভ কৰি দিলে।
আৰু চাওক পৰৱৰ্তী বাতৰি