ভয়ংকৰ দুৰ্যোগৰ সৈতে যুঁজিবলৈ বিশ্বক শিকালে ভাৰতে, ৰাষ্ট্ৰসংঘৰ পৰাও ভাৰতক প্ৰশংসা

সংহাৰী ধুমুহাৰ কালছোৱাত পৰিস্থিতিৰে মোকাবিল কৰি বিশ্ববাসীক এক শিক্ষা দিলে ওড়িশাই।

news18assam
Updated:May 4, 2019, 4:35 PM IST
ভয়ংকৰ দুৰ্যোগৰ সৈতে যুঁজিবলৈ বিশ্বক শিকালে ভাৰতে, ৰাষ্ট্ৰসংঘৰ পৰাও ভাৰতক প্ৰশংসা
সংহাৰী ধুমুহাৰ কালছোৱাত পৰিস্থিতিৰে মোকাবিল কৰি বিশ্ববাসীক এক শিক্ষা দিলে ওড়িশাই।
news18assam
Updated: May 4, 2019, 4:35 PM IST
ওড়িশা বিধ্বস্ত কৰি পশ্চিমবংগ পালেগৈ সংহাৰী ‘ফণী’। সন্ধিয়া ভাগলৈকে বাংলাদেশ হৈ ‘ফণী’য়ে খুন্দা মৰাৰ সম্ভাৱনা। এই সংহাৰী ধুমুহাৰ কালছোৱাত পৰিস্থিতিৰে মোকাবিলা কৰি বিশ্ববাসীক এক পাঠ শিকালে ওড়িশাই। ‘ফণী’ৰ ফলত ৰাজ্যখনত ১০জন লোকৰ মৃত্যু ঘটিছে যদিও প্ৰশাসনৰ পূৰ্ব পৰিকল্পনা আৰু তত্পৰতাৰ বাবে ৰক্ষা পৰে লোক। ইয়াৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ ভূমিকাও অন্যতম আৰু এই তত্পৰতাৰ বাবে প্ৰশংসা কৰিলে ৰাষ্ট্ৰসংঘই।

উল্লেখ্য যে শুকুৰবাৰে বিধ্বংসী ৰূপ ধাৰণ কৰে ওড়িশাত। ৰাজ্যখনত হ্ৰাস পাইছে কাল ধুমুহা ‘ফণী’ৰ গতিবেগ। বালাদেশলৈ গতি কৰিছে সংহাৰী ‘ফণী’য়ে। শুকুৰবাৰে ২৫০ কিলোমিটাৰ বেগত অহা ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে ওড়িশাৰ বিভিন্ন ঠাইত। সংহাৰী ‘ফণী’ৰ ফলত ওড়িশাত ১০জনৰ মৃত্যুৰ খবৰ, ১৬০জনৰো অধিক আঘাতপ্ৰাপ্ত। ‘ফণী’ৰ ফলত ১০জনৰ মৃত্যু ঘটে যদিও চৰকাৰ তথা প্ৰশাসনৰ প্ৰশংসনীয় পদক্ষেপৰ বাবে পূৰ্বতকৈ যথেষ্ট কম ক্ষতিসাধন হয় এইবাৰ। কিয়নো পূৰ্বতে অহা এনে ভয়ংকৰ ধুমুহাৰ ফলত ১০ হাজাৰৰো অধিক লোকে হেৰুৱাইছিল প্ৰাণ।
আৰু চাওক পৰৱৰ্তী বাতৰি