ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগে ভাৰতৰ উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইনৰ সাংবিধানিক মৰ্যাদাক প্ৰত্যাহ্বান জনাই দিলে হস্তক্ষেপ আবেদন। ভাৰতৰ বিদেশ মন্ত্ৰণালয়ে ৰাষ্ট্ৰসংঘৰ এটা প্ৰতিষ্ঠানৰ তেনে পদক্ষেপক তীব্ৰ বিৰোধিতা কৰিছে। বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰৰ মতে, নাগৰিকত্ব সংশোধনী আইন ভাৰতৰ আভ্যন্তৰীণ বিষয় আৰু এখন সাৰ্বভৌম দেশে নিজ সংসদত আইন প্ৰণয়ন কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে।
মুখপাত্ৰজনে লগতে কয় – কোনো বিদেশী প্ৰতিষ্ঠানে তেনেধৰণে হস্তক্ষেপ কৰাৰ কোনো অধিকাৰ নাই। আনহাতে, ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগে উচ্চতম ন্যায়ালয়ত সহায় কৰিবলৈ (amicus curie) এই হস্তক্ষেপ আবেদন দাখিল কৰিছে বুলি জানিবলৈ দিয়ে। অৱশ্যে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে CAA বহু হাজাৰ অভিবাসীক লাভান্বিত কৰিব বুলি মানি লয় আৰু লগতে আয়োগৰ আবেদনখনক আন আন আবেদনকাৰীয়ে প্রকাশ কৰা CAA বিৰোধী স্থিতিৰে ৰিজাই নাচাবলৈ আহ্বান জনায়।
কিন্তু এই আইনে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিশত কিছু প্ৰশ্নৰ সৃষ্টি কৰিছে বুলিও স্পষ্ট কৰে ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠানটোৱে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|