এই দুৰ্ঘটনাত আন ৬জন লোক গুৰুতৰভাৱে আহত হয়। তেওঁলোকক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
এই দুৰ্ঘটনাত আন ৬জন লোক গুৰুতৰভাৱে আহত হয়। তেওঁলোকক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
ৰাজস্থানত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনাত মধ্য প্ৰদেশৰ ১২জন লোকৰ মৃত্যু হয়। ক্ৰুইজাৰত গৈ থকা লোকসকলক সন্মুখৰ পৰা অহা এখন ট্ৰাকে প্ৰচণ্ড খুন্দা মাৰে। মৃত আটাইকেইজন লোক উজ্জেইনৰ ঘটিয়া অঞ্চলৰ বাসিন্দা। এই দুৰ্ঘটনাত আন ৬জন লোক গুৰুতৰভাৱে আহত হয়। তেওঁলোকক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
এই দুৰ্ঘটনাটো ৰাজস্থানৰ নাগৌৰ জিলাত শ্ৰীবালাজীৰ সমীপত সংঘটিত হয়। দুৰ্ঘটনাত পতিত লোকসকলক ধৰ্মীয় যাত্ৰালৈ গৈছিল। তেওঁলোকে ৰামদেৱৰা বাবা ধাম আৰু কৰণী মাতা মন্দিৰ দৰ্শন কৰি ঘৰলৈ উভতিছিল।
জানিব পৰা মতে, ক্ৰুইজাৰখনত ক্ষমতাতকৈ অধিক যাত্ৰী আছিল। দুৰ্ঘটনাত ঘটনাস্থলীতে ৮জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে চাৰিজন লোকৰ হাস্পতাললৈ নিয়াৰ পথত মৃত্যু হয়। মৃতসকলৰ ভিতৰত চাৰিজন পুৰুষ আৰু ৮গৰাকী মহিলা।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|