আপোনাৰ আধাৰ কাৰ্ডখন সুৰক্ষিত ৰাখিবলৈ কি কৰিব? চাওক এই প্ৰতিবেদন

News18-Assam
Updated:November 24, 2019, 10:24 AM IST
আপোনাৰ আধাৰ কাৰ্ডখন সুৰক্ষিত ৰাখিবলৈ কি কৰিব? চাওক এই প্ৰতিবেদন
UIDAI–এ টুইটাৰযোগে জনায় যে আপুনি পূৰ্বে ডাউনলোড কৰা এমআধাৰ এপ আনইনষ্টল কৰক। ইয়াৰ ঠাইত আপুনি নতুন আধাৰ এপ ডাইনলোট কৰক।

UIDAI–এ টুইটাৰযোগে জনায় যে আপুনি পূৰ্বে ডাউনলোড কৰা এমআধাৰ এপ আনইনষ্টল কৰক। ইয়াৰ ঠাইত আপুনি নতুন আধাৰ এপ ডাইনলোট কৰক।

  • News18 Assam
  • Last Updated: November 24, 2019, 10:24 AM IST
  • Share this:
আপোনাৰ আধাৰ সম্বন্ধীয় তথ্য ডাউনলোড কৰাৰ সুবিধাৰ্থে UIDAI–এ মুকলি কৰিছে এটা নতুন এপ। এই কথা টুইটাৰযোগে জনাইছে UIDAI–এ। আপুনি সহজতে নিজৰ ৰেজিষ্টাৰ্ড ম’বাইল নম্বৰৰ সহায় এই এপটো ডাউনলোড কৰিব পাৰে। এই এপ iOS আৰু এনড্ৰইড প্লেটফৰ্মত উপলব্ধ। এই এপত আধাৰ কাৰ্ডৰ গৰাকীৰ পঞ্জীয়ন, নাম, জন্ম তাৰিখ, লিংগ, ঠিকনা, আৰু ফটো সম্বন্ধীয় তথ্য উপলব্ধ হ’ব।

UIDAI–এ টুইটাৰযোগে জনায় যে আপুনি পূৰ্বে ডাউনলোড কৰা এমআধাৰ এপ আনইনষ্টল কৰক। ইয়াৰ ঠাইত আপুনি নতুন আধাৰ এপ ডাইনলোট কৰক। এই টুইটত এনড্ৰইড আৰু iOS প্লেটফৰ্মৰ পৰা এপটো ডাউনলোড কৰাৰ লিংকো দিয়া হৈছে।

এই এপটোত আধাৰ সেৱাৰ বাবে দুই ধৰণৰ শাখা থাকিব। প্ৰথম শাখাৰ নাম আধাৰ ছাৰ্ভিচেজ ডেশব’ৰ্ড। এই শাখাত কোনো আধাৰ কাৰ্ডগৰাকীৰ আধাৰ অনলাইন সেৱাৰ বাবে ছিংগল উইনড’ হিচাপে কাম কৰিব।




আনটো শাখাৰ নাম মাই আধাৰ ছেকশ্যন। এই শাখাত আপুনি যিটো আধাৰ প্ৰফাইল এড কৰিব, সেয়া প্ৰয়োজন আৰু সুবিধা অনুসৰি পাৰ্ছনেলাইজড কৰিব পাৰিব।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি