কোৰোণা মহামাৰীৰ ত্ৰাস সৰ্বত্ৰ। মাৰ্চ মাহৰ পৰা বন্ধ হৈ আছে দেশৰ শিক্ষানুষ্ঠানসমূহ। তাৰ মাজতে মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকল পৰীক্ষা অনুষ্ঠিত কৰা নকৰাক লৈ দোমোজাত পৰিছিল।
কিন্তু তাৰ মাজতে যোৱা ৭ জুলাইত বিশ্ব বিদ্যালয় অনুদান আয়োগে ছেপ্তেম্বৰৰ শেষৰ ভাগত চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰা হ’ব বুলি জাননী জাৰি কৰিছিল। পৰীক্ষা অফলাইন, অনলাইন আৰু ব্লেণ্ডেড মোডত অনুষ্ঠিত কৰা হ’ব বুলি জনাইছিল আয়োগে। আয়োগৰ জাননী লাভ কৰাৰ পিছতে মহাৰাষ্ট্ৰ, পশ্চিমবংগ চৰকাৰৰ লগতে বহু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা শিক্ষাৰ্থীসকলে তীব্ৰ বিৰোধিতা কৰে। বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে কাৰণ দৰ্শাই যে, শিক্ষাবৰ্ষৰ আৰম্ভণিৰে পৰা কোৰোণাৰ ফলত শিক্ষানুষ্ঠান বন্ধ হৈ আছে। তেনেস্থলত কিদৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে বিশ্ববিদ্যালয় অনুদান আয়োগে। লগতে দেশৰ ৩১ খন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, মহাৰাষ্ট্ৰৰ যুৱা সেনা এই জাননীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হয়।
SC will have next hearing on Friday regarding PIL filed by Yuva Sena against UGC Guidelines.
Yuva Sena has been garnering support from across the nation with students, teachers, Education staff and associations sending in letters of support to us!!