চিকিত্‍সকে বৰফলা(Capital Letter)ৰে বুজিব পৰাকৈ প্ৰেছক্ৰিপশ্যন লিখকঃ উচ্চ ন্যায়ালয়

News18 Assam | News18-Assam
Updated:August 14, 2020, 5:28 PM IST
চিকিত্‍সকে বৰফলা(Capital Letter)ৰে বুজিব পৰাকৈ প্ৰেছক্ৰিপশ্যন লিখকঃ উচ্চ ন্যায়ালয়
‘চিকিত্‍সকৰ হাতৰ আখৰ বেয়া, ধৰিব নোৱাৰি প্ৰেছক্ৰিপশ্যনত লিখা ঔষধৰ নাম’- একাংশ চিকিত্‍সকে সদায়েই কঢ়িয়াই লৈ ফুৰে এই অপবাদ।

‘চিকিত্‍সকৰ হাতৰ আখৰ বেয়া, ধৰিব নোৱাৰি প্ৰেছক্ৰিপশ্যনত লিখা ঔষধৰ নাম’- একাংশ চিকিত্‍সকে সদায়েই কঢ়িয়াই লৈ ফুৰে এই অপবাদ।

  • Share this:
‘চিকিত্‍সকৰ হাতৰ আখৰ বেয়া, ধৰিব নোৱাৰি প্ৰেছক্ৰিপশ্যনত লিখা ঔষধৰ নাম’- একাংশ চিকিত্‍সকে সদায়েই কঢ়িয়াই লৈ ফুৰে এই অপবাদ। কিন্তু প্ৰেছক্ৰিপশ্যন থকা নিৰ্দিষ্ট স্বাস্থ্য সম্বন্ধীয়া তথ্য বুজাত অসুবিধা হোৱাৰ সমস্যা সমূলঞ্চে আঁতৰাবলৈ ওড়িশা উচ্চ ন্যায়ালয়ে চিকিত্‍সকসকলৰ দিছে বিশেষ পৰামৰ্শ।

চিকিৎসক সকলক ৰোগীৰ prescription বৰফলা(Capital Letter)ত লিখিবলৈ পৰামৰ্শ  প্ৰদান কৰিছে। এই সন্দৰ্ভত ৰাজ্য চৰকাৰক শীঘ্ৰে জাননী জাৰি কৰিবলৈও নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে।

‘NDPS Act, 1985’-ত অভিযুক্ত এজন লোকৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ এচ কে পানীগ্ৰহীয়ে ন্যায়ালয়ত জমা দিয়া ‘prescription’ত কি লিখা আছে ধৰিব পৰা নাছিল। তাৰে ফলশ্ৰুতিত তেওঁ কয় – ডাক্তৰৰ হাতৰ আখৰৰ ‘prescription’ সমূহ পঢ়াটো অতি কষ্টকৰ আৰু সাধাৰণ লোকৰ বোধগম্যৰ বাহিৰত। এই সমস্যাৰ অন্ত পেলাবলৈ ডাক্তৰ সকলে বৰফলা ব্যৱহাৰ কৰি সকলোৱে বুজিব পৰাকৈ ‘prescription’ লিখিব লাগে।’

ন্যয়াধীশগৰাকীৰ মতে, ‘ন্যায়ালয়ে ভাবে চিকিৎসকসকলে এই দিশত এখোজ অধিক আগুৱাই গৈ ‘prescription’ সমূহ স্পষ্ট হৰফৰে বৰফলা ব্যৱহাৰৰ কৰি লিখাটো অপৰিহাৰ্য। বুজিব নোৱাৰাকৈ লিখা ‘prescription’ৰ ফলত ‘medico-legal’ গোচৰসমূহত প্ৰতিকূল ন্যায়িক ফলাফল পোৱাৰো সম্ভাৱনা বাঢ়ে।’

উল্লেখযোগ্য যে, ২০১৬ চনত ‘Medical Council of India’ই চিকিত্‍সক সকলক ‘prescription’ত দৰৱৰ জেনেৰিক নাম বৰফলাৰে লিখিবলৈ নির্দেশ দিছিল ।
Published by: Himangshu Bhuyan
First published: August 14, 2020, 3:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি