உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Maharashtra Political Crisis : চৰকাৰী আৱাস এৰিলে মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই, ইস্তাফাক লৈ এতিয়াও অস্পষ্টতা!

    Maharashtra Political Crisis : চৰকাৰী আৱাস এৰিলে মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই, ইস্তাফাক লৈ এতিয়াও অস্পষ্টতা!

    বৰ্তমান মহাৰাষ্ট্ৰত চৰকাৰ সলনি হোৱাৰ সম্ভাৱনা প্ৰবল। তাৰ পিছতো কিন্তু উদ্ধৱ থাকৰেৰ ইস্তাফাক লৈ এতিয়াও স্পষ্ট হোৱা নাই।

    বৰ্তমান মহাৰাষ্ট্ৰত চৰকাৰ সলনি হোৱাৰ সম্ভাৱনা প্ৰবল। তাৰ পিছতো কিন্তু উদ্ধৱ থাকৰেৰ ইস্তাফাক লৈ এতিয়াও স্পষ্ট হোৱা নাই।

    বৰ্তমান মহাৰাষ্ট্ৰত চৰকাৰ সলনি হোৱাৰ সম্ভাৱনা প্ৰবল। তাৰ পিছতো কিন্তু উদ্ধৱ থাকৰেৰ ইস্তাফাক লৈ এতিয়াও স্পষ্ট হোৱা নাই।

    • Share this:
    মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই এৰিলে চৰকাৰী বাসভৱন বৰ্ষা। মুম্বাই শহৰতলীৰ মাতোশ্ৰী বাসভৱনৰ উদ্দেশ্যে ৰাওনা হৈছে তেওঁ। মাতোশ্ৰী থাকৰেৰ বাসভৱন। আদিত্য থাকৰে, ৰশ্মী থাকৰে, তেজস থাকৰেও আছে তেওঁৰ সৈতে। বৰ্ষাৰ পৰা তেওঁলোকৰ সা–সামগ্ৰীও উলিয়াই নিয়া হৈছে।

    মাৰাঠা ৰাজনীতিতে ব্যাপক সংকটৰ সৃষ্টি হৈছে। বিসম্বাদী বিধায়কসকলে গুজৰাট এৰি অসমত উপস্থিত হৈছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই স্পষ্টকৈ জনাই দিছিল, চকীৰ লোভত তেওঁ নাথাকে।

    শিৱসেনাৰ ৩০জন বিধায়কে বিসম্বাদী নেতা একনাথ শিন্দেক তেওঁলোকৰ নেতা হিচাপে সমৰ্থন কৰি ৰাজ্যপালক পত্ৰ প্ৰদানৰ পিছতে সৃষ্টি হয় মহাৰাষ্ট্ৰ চৰকাৰৰ সংকট। উদ্ধৱ থাকৰেই প্ৰত্যুত্তৰ দি কৈছিল, বিধায়কসকলৰ বহুতে তেওঁক জনাইছে, একনাথ শিন্দেই তেওঁলোকক জোৰ কৰি লৈ গৈছে।

    বৰ্তমান মহাৰাষ্ট্ৰত চৰকাৰ সলনি হোৱাৰ সম্ভাৱনা প্ৰবল। তাৰ পিছতো কিন্তু উদ্ধৱ থাকৰেৰ ইস্তাফাক লৈ এতিয়াও স্পষ্ট হোৱা নাই কোনো কথা।
    Published by:Sanjay Kumar Das
    First published: