• Home
  • »
  • News
  • »
  • nation
  • »
  • Udaipur Incident: ৰাজস্থানৰ উদয়পুৰত দুজন লোকে ডিঙি ৰেপি হত্যা কৰিলে এজন দৰ্জীক, ছচিয়েল মিডিয়াত আপলোড কৰিলে ভিডিঅ'

Udaipur Incident: ৰাজস্থানৰ উদয়পুৰত দুজন লোকে ডিঙি ৰেপি হত্যা কৰিলে এজন দৰ্জীক, ছচিয়েল মিডিয়াত আপলোড কৰিলে ভিডিঅ'

Udaipur Incident: এই ঘটনাৰ আঁৰত ISIS জড়িত থাকিব পাৰে কেন্দ্ৰই সন্দেহ কৰিছে আৰু ঘটনাটোক সন্ত্ৰাসবাদীৰ আক্ৰমণ বুলি অভিহিত কৰি তুৰন্তে তদন্ত বাবে NIAৰ দল ৰাজস্থানলৈ প্ৰেৰণ কৰে।

Udaipur Incident: এই ঘটনাৰ আঁৰত ISIS জড়িত থাকিব পাৰে কেন্দ্ৰই সন্দেহ কৰিছে আৰু ঘটনাটোক সন্ত্ৰাসবাদীৰ আক্ৰমণ বুলি অভিহিত কৰি তুৰন্তে তদন্ত বাবে NIAৰ দল ৰাজস্থানলৈ প্ৰেৰণ কৰে।

Udaipur Incident: এই ঘটনাৰ আঁৰত ISIS জড়িত থাকিব পাৰে কেন্দ্ৰই সন্দেহ কৰিছে আৰু ঘটনাটোক সন্ত্ৰাসবাদীৰ আক্ৰমণ বুলি অভিহিত কৰি তুৰন্তে তদন্ত বাবে NIAৰ দল ৰাজস্থানলৈ প্ৰেৰণ কৰে।

  • Share this:
এক চাঞ্চল্যকৰ কাণ্ডত মঙলবাৰে বিয়লি ৰাজস্থানৰ উদয়পুৰ (Rajasthan, Udaipur) চহৰত দুজন লোকে দিনৰ পোহৰতে এজন দৰ্জী (tailor)ৰ ডিঙি কাটি হত্যা কৰাৰ পিছতে অঞ্চলটোত সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি হৈছে। হজৰত মহম্মদ (Prophet Mohammad)ৰ বিৰুদ্ধে কৰা আপত্তিজনক মন্তব্যৰ বাবে নিলম্বিত বিজেপি নেতা নুপুৰ শৰ্মা (BJP leader Nupur Sharma)ক সমৰ্থন কৰি ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছিল নিহত দৰ্জীজনে। অনলাইনত প্ৰচাৰ কৰা এটা ভিডিঅ’ ক্লিপত এজন আক্ৰমণকাৰীয়ে লোকজনৰ মূৰ কাটি পেলোৱা বুলি ঘোষণা কৰাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Prime Minister Narendra Modi)ক ভাবুকি প্ৰদান কৰে আৰু কয় যে তেওঁলোকৰ এই ছুৰীয়ে তেওঁকো ঢুকি পাব।

ৰাজ্যখনৰ ৰাজছামাণ্ড অঞ্চলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুয়োজন অভিযুক্তক। ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে (Rajasthan Chief Minister Ashok Gehlot) টুইট কৰাৰ লগতে ৰাইজক শান্তি বজাই ৰাখিবলৈ আহ্বান জনায়।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত কৰা মন্তব্যক লৈ স্থানীয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দৰ্জীজনক। মহানগৰীৰ ধন মন্দি অঞ্চলত থকা তেওঁৰ দোকানত গ্ৰাহকৰ ৰূপ লৈ দুৰ্বৃত্তই প্ৰৱেশ কৰি এই ঘটনা সংঘটিত কৰে। দৰ্জীজনে তেওঁলোকৰ এজনৰ জোখ লোৱাৰ লগে লগে — যিয়ে পিছলৈ নিজকে ৰিয়াজ বুলি পৰিচয় দিছিল – দৰ্জীজনক ছুৰীৰে আক্ৰমণ কৰিছিল। আনজন লোকে মোবাইল ফোনেৰে হত্যা কৰা বৰ্বৰ ঘটনাটোক ৰেকৰ্ট কৰিছিল।

লোক দুজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে আৰু পিছত ছচিয়েল মিডিয়াত আপলোড কৰে ভিডিঅ’টো। আন এটা ভিডিঅ’ত অভিযুক্ত আক্ৰমণকাৰীয়ে স্বীকাৰ কৰিছে যে তেওঁলোকে দৰ্জীজনৰ মূৰ কাটি পেলাইছিল।

এই ঘটনাৰ আঁৰত ISIS জড়িত থাকিব পাৰে কেন্দ্ৰই সন্দেহ কৰিছে আৰু ঘটনাটোক সন্ত্ৰাসবাদীৰ আক্ৰমণ বুলি অভিহিত কৰি তুৰন্তে তদন্ত বাবে NIAৰ দল ৰাজস্থানলৈ প্ৰেৰণ কৰে। ঘটনাৰ পিছতে ৰাজস্থানত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হয় আৰু এমাহৰ বাবে ১৪৪ ধাৰা জাৰি কৰা হৈছে।
Published by:Manjumoni Borah
First published: