মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»Kalyan Singh Passed Away: উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিং আৰু নাই ! লক্ষ্ণৌত শেষ নিশ্বাস ত্যাগ বিজেপিৰ প্ৰবীণ নেতাগৰাকীৰ...

Kalyan Singh Passed Away: উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিং আৰু নাই ! লক্ষ্ণৌত শেষ নিশ্বাস ত্যাগ বিজেপিৰ প্ৰবীণ নেতাগৰাকীৰ...

Kokil Sarma | News18-Assam
Updated:August 21, 2021, 11:08 PM IST
Kalyan Singh Passed Away: উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিং আৰু নাই ! লক্ষ্ণৌত শেষ নিশ্বাস ত্যাগ বিজেপিৰ প্ৰবীণ নেতাগৰাকীৰ...
উত্তৰ প্ৰদেশৰ (Uttar Pradesh) প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ (Former CM Kalyan Singh) শনিবাৰে সন্ধিয়া মৃত্যু হয়। BJPৰ জ্যেষ্ঠ নেতা কল্যাণ সিং প্ৰায় দুমাহ ধৰি অসুস্থ আছিল।

উত্তৰ প্ৰদেশৰ (Uttar Pradesh) প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ (Former CM Kalyan Singh) শনিবাৰে সন্ধিয়া মৃত্যু হয়। BJPৰ জ্যেষ্ঠ নেতা কল্যাণ সিং প্ৰায় দুমাহ ধৰি অসুস্থ আছিল।

  • Share this:
উত্তৰ প্ৰদেশৰ (Uttar Pradesh) প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ (Former CM Kalyan Singh) শনিবাৰে সন্ধিয়া মৃত্যু হয়। BJPৰ জ্যেষ্ঠ নেতা কল্যাণ সিং প্ৰায় দুমাহ ধৰি অসুস্থ আছিল। তেওঁক চিকিৎসাৰ বাবে লক্ষ্ণৌৰ এছজিপিজিআইত ভৰ্তি কৰোৱা হৈছিল। তেওঁক জীৱন ৰক্ষক প্ৰণালীত ৰখা হৈছিল। তেওঁৰ বয়স আছিল ৮৯ বছৰ। কল্যাণ সিঙৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী যোগীয়ে আজি গোৰখপুৰ ভ্ৰমণ বাতিল কৰিছিল। কল্যাণ সিঙে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হোৱাৰ উপৰিও ৰাজস্থান আৰু হিমাচল প্ৰদেশৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। নেতাগৰাকীৰ মৃত্য়ুৰ পিছতে শোকৰ ছাঁ পৰিছে সমগ্ৰ দেশত।

লক্ষ্ণৌ পিজিআইয়ে শনিবাৰে সন্ধিয়া এটা বিবৃতি জাৰি কৰি কয় যে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজস্থানৰ প্ৰাক্তন ৰাজ্যপাল মাননীয় কল্যাণ সিঙৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ পিছত আজি মৃত্যু হয়। তেওঁক ৪ জুলাইত সংকটজনক অৱস্থাত সঞ্জয় গান্ধী পিজিআই Critical Care medicineৰ ICUত ভৰ্তি কৰোৱা হৈছিল। দীৰ্ঘদিনীয়া অসুস্থতাৰ পিছত আজি শেষ নিশ্বাস ত্যাগ কৰে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে।
Published by: Kokil Sarma
First published: August 21, 2021, 11:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি