দিল্লীৰ পৰা প্ৰকাশিত ইংৰাজী দৈনিক ইণ্ডিয়ান এক্সপ্ৰেছৰ আজিৰ সংস্কৰণত উল্লেখ কৰা মতে, ২০১৯চনৰ ৪ আগষ্টৰ নিশা এজন উচ্চ পদস্থ চৰকাৰী বিষয়া আৰু এজন অসমৰ ৰাজনীতিক অতি সংগোপনে কলিতাৰ নতুন দিল্লীৰ বাসগৃহলৈ গৈছিল। এই সাক্ষাৎ ইমানেই গোপন আছিল যে স্বয়ং কলিতাকো আচৰিত কৰি তুলিছিল। কলিতাক সৈমান কৰিবলৈ তেওঁৰ ঘনিষ্ঠ আৰু পৰিয়ালৰ লোকক দিল্লীলৈ লৈ অহা হৈছিল। দীঘলীয়া আলোচনাৰ অন্তত সৈমান হৈছিল কলিতা ।
উল্লেখযোগ্য যে, ৰাজ্যসভাৰ মজিয়াত জম্মু-কাশ্মীৰ ৰাজ্য পুনৰ গঠন বিধেয়ক কলিতাৰ পদত্যাগৰ অবিহনে কঠিন আছিল। কলিতাই whip জাৰি কৰাৰ পিছত কংগ্ৰেছ সাংসদ সকলে সদনত উপস্থিত থাকি বিলখনৰ বিপক্ষে ভোট দিয়াৰ বাদে গত্যন্তৰ নাছিল।
আগষ্টৰ ৪ তাৰিখে কলিতা আৰু গোলাম নবী আজাদে নিয়ম ২৬৭ৰ অধীনত জম্মু কাশ্মীৰৰ সেই সময়ৰ পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰিবলৈ জাননী দিছিল। কিন্তু আগষ্টৰ ৫ তাৰিখে ৰাজ্যসভা আৰম্ভ হওঁতেই অধ্যক্ষই কলিতাৰ পদত্যাগৰ কথা ঘোষণা কৰোতে আচৰিত হৈ পৰিছিল কংগ্ৰেছৰ সদস্যসকল। কাৰণ তেওঁলোকে কলিতাৰ এই সিদ্ধান্তৰ সম্পৰ্কে একেবাৰেই জ্ঞাত নাছিল। কলিতাক অনুসৰণ কৰি সমাজবাদী পাৰ্টীৰ সাংসদ সুৰেন্দ্ৰ নাথ নাগৰ আৰু সঞ্জয় শেঠেও পদত্যাগ কৰিছিল ।
এই সন্দৰ্ভত আজি News18 কলিতাৰ কাষ চপিছিল। কিন্তু আজি এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰা বিৰত থাকে ভূৱনেশ্বৰ কলিতা। অৱশ্যে ২০১৯ চনৰ আগষ্টৰ ৫ তাৰিখে তেওঁ পদত্যাগ সন্দৰ্ভত মন্তব্য প্ৰদান কৰিছিল । তেওঁ কৈছিল – সংবিধানৰ অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ হোৱাটো তেওঁ সদায় বিচাৰিছিল। এক দেশ, এক পতাকা, এক বিধানৰ আইন কোনেও আনিব পৰা নাছিল আৰু যেতিয়া এই চৰকাৰখনে এই পদক্ষেপ লৈছে কংগ্ৰেছে ইয়াৰ সমৰ্থন কৰাটো কলিতাই বিচাৰিছিল। কলিতাই কংগ্ৰেছ দলৰে আলোচনা কৰি ৱৰ্কিং কমিটী আৰু সংসদীয় বোৰ্ডত আলোচনাৰ পোষকতা কৰিছিল। দলটো অমান্তি হোৱাত কলিতাৰ হাতত পদত্যাগ কৰাৰ বাহিৰে অন্য একো ৰাস্তা নাছিল। কাৰণ তেওঁ কংগ্ৰেছৰ সদস্য হিচাপে বিধেয়কখন সদনৰ মজিয়াত সমৰ্থন কৰিব নোৱাৰে।
বাতৰিকাকতখনত প্ৰকাশ পোৱা মতে, আগনিশা কোনোবাই এই বিষয়ত আলোচনা কৰিবলৈ তেওঁক সাক্ষাৎ কৰাৰ কথা তেওঁ অস্বীকাৰ কৰিছে। উল্লেখযোগ্য যে, ২০২০চনত তেওঁক বিজেপিয়ে পুনৰ অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত কৰি আনে।