• Home
  • »
  • News
  • »
  • nation
  • »
  • পিন্ধনত ছেলোৱাৰ কামিজ, চলন্ত ৰে’লৰ পৰা জাপ দিছে দুই যুৱতীয়ে, চাওক VIDEO

পিন্ধনত ছেলোৱাৰ কামিজ, চলন্ত ৰে’লৰ পৰা জাপ দিছে দুই যুৱতীয়ে, চাওক VIDEO

ভিডিঅ’টোত দেখা গৈছে দুগৰাকী যুৱতীয়ে চলন্ত ৰে’লৰ দুৱাৰৰ ছিৰিত বহি আছে।

ভিডিঅ’টোত দেখা গৈছে দুগৰাকী যুৱতীয়ে চলন্ত ৰে’লৰ দুৱাৰৰ ছিৰিত বহি আছে।

ভিডিঅ’টোত দেখা গৈছে দুগৰাকী যুৱতীয়ে চলন্ত ৰে’লৰ দুৱাৰৰ ছিৰিত বহি আছে।

  • Share this:
ভাইৰেল ভিডিঅ’ এতিয়া যেন এতিয়া মানুহৰ চলিত শব্দৰ ভিতৰত অন্যতম বহুল ব্যৱহৃত শব্দ। এই ধৰণৰ ভিডিঅ’ চোৱাৰ আগ্ৰহো কম নহয়। আৰু যিয়ে এই ভিডিঅ’ ছচিয়েল মিডিয়াত আপলোড কৰে, তেওঁলোকেও আশা কৰে ভিডিঅ’টো ভাইৰেল হোৱাৰ। সম্প্ৰতি ছচিয়েল মিডিয়াত এনে এটি ভিডিঅ’ ভাইৰেল হৈছে যিটো দেখিলে গাৰ নোম শিয়ৰি উঠিব আপোনাৰো।

এই ভিডিঅ’টো এখন ৰ’লৰ পৰা লোৱা ভিডিঅ’। লোকেল ট্ৰেইন পৰিবহণৰ এক গুৰুত্বপূৰ্ণ মাধ্যম। দূৰ হওক বা ওচৰৰ ঠায়েই হওক, সকলোতে ৰে’লত যাবলৈ পছন্দ কৰে মানুহে। আন যান–বাহনৰ তুলনাত ৰে’লত খৰচ বহু কম, সেয়েহে লাখ লাখ মানুহে যাতায়াত কৰে ৰে’লেৰে।

ভিডিঅ’টোত দেখা গৈছে দুগৰাকী যুৱতীয়ে চলন্ত ৰে’লৰ দুৱাৰৰ ছিৰিত বহি আছে। এনেদৰে ৰে’লৰ দুৱাৰত ওলমি থকাটো অত্যন্ত বিপজ্জনক। আৰু দৰ্জাৰ ৰেলিঙত ধৰি থিয় হৈছে এগৰাকী যুৱতী। তাৰ পিছত চলন্ত ৰে’লৰ পৰা ৰে’ল লাইনত নামি গৈছে যুৱতীগৰাকী।

ইয়াৰ পিছতে আনগৰাকী যুৱতীয়েও একে কায়দাৰে চলন্ত ৰে’লৰ পৰা নামি পৰিচে। অৱশ্যে যুৱতী দুগৰাকীৰ একো ক্ষতি হোৱা নাই। কিন্তু এনেদৰে চলন্ত ৰে’লৰ পৰা নামি যোৱাটো কোনোপধ্যেই উচিত নহয়।
Published by:Sanjay Kumar Das
First published: