বুধবাৰে নিশা জম্মু–কাশ্মীৰৰ বাৰামুল্লাত জেইছ-ই-মহম্মদৰ দুটা সন্ত্ৰাসবাদীক ভাৰতীয় সেনাই এনকাউণ্টাৰ কৰে। বৃহস্পতিবাৰে আৰক্ষীৰ সূত্ৰৰ তৰফৰ পৰা এই কথা প্ৰকাশ কৰা হয়।
এজন আৰক্ষী বিষয়াই জনোৱা অনুসৰি, নিৰাপত্তাৰক্ষীয়ে কৰ্ডন এণ্ড চাৰ্চ অপাৰেচন আৰম্ভ কৰাৰ পিছত বুধবাৰে নিশা চোপোৰ চহৰৰ বোমাই অঞ্চলত উক্ত সংঘৰ্ষটো সংঘটিত হয়।
তেখেতে জনোৱা মতে অভিযানটোত সেনাৰ হাতত দুটা সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে এজন অসামৰিক লোকো আঘাতপ্ৰাপ্ত হয়।
এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয় যে সন্ত্ৰাসবাদীকেইটা নিষিদ্ধঘোষিত সন্ত্ৰাসবাদী সংগঠন জেইছ-ই-মহম্মদৰ সৈতে জড়িত আছিল আৰু সিহঁতে সাধাৰণ লোকৰ ওপৰত আক্ৰমণৰ পৰিকল্পনা কৰি আছিল।
কাশ্মীৰৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান বিজয় কুমাৰে টুইট কৰি কয় যে নিহত জেইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীকেইটা চোপোৰ চহৰৰ মহম্মদ ৰফি আৰু পুলৱামাৰ কাইজাৰ আশ্ৰাফ বুলি চিনাক্ত কৰা হৈছে। সন্ত্ৰাসবাদী ৰফিৰ বিৰুদ্ধে আগতে দুবাৰ পিএছএৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল। দুয়োটাই কেইবাটাও সন্ত্ৰাসবাদী অপৰাধৰ গোচৰত জড়িত আছিল বুলিও তেওঁ জনায়। সন্ত্ৰাসবাদী দুটাই চোপোৰ অঞ্চলত সাধাৰণ লোকক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰি আছিল বুলি বিজয় কুমাৰে টুইট কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|